চিটাৰা ডেস্ক, ৪ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা । সম্প্ৰতি হোম কোৱাৰেন্টাইনত অভিনেতাগৰাকী । এই কথা দেওবাৰে গোৱিন্দৰ পত্নী সুনীতা আহুজাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । ৫৭ বছৰীয়া অভিনেতাগৰাকীৰ দেহত সামান্য পৰিমাণৰ কৰ'ণাৰ লক্ষণ আছিল । হোম কোৱাৰেন্টাইনত থাকিয়ে ক'ভিড সম্পৰ্কীয় সকলো নীতি নিয়ম অনুসৰণ কৰি থকাৰ কথা প্ৰকাশ কৰে পত্নী সুনীতা আহুজাই ।
শেষবাৰৰ বাবে ২০১৯ চনত কমেডী 'ৰংগীলা ৰাজা'ত গোবিন্দাক দেখিবলৈ পোৱা গৈছিল । উল্লেখ্য যে, দেওবাৰৰ দিনটোতে বলীউড চুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু 'বান্দীশ বেণ্ডিটছ’ অভিনীত ঋত্বিক ভৌমিকো কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে ।
ইফালে, শনিবাৰে মুম্বাইত ৯,১০৮ জন লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত । যাক এটা দিনৰ ভিতৰতে সৰ্বাধিক লোক মুম্বাইত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ