ETV Bharat / sitara

সাংবাদিকে সুশান্তক গাৰ্লফ্ৰেণ্ডৰ নাম সোধোতে কি উত্তৰ দিছিল সুশান্তই ?

শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ এটা পুৰণি ভিডিঅ' পোহৰলৈ আহিছে ৷ য'ত এগৰাকী সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে, তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি ? আহকচোন জানো তাৰ প্ৰত্যুত্তৰত কি কৈছিল অভিনেতাগৰাকীয়ে.....

author img

By

Published : Jul 6, 2020, 6:18 PM IST

Girlfriend bura maan jayegi: Sushant Singh Rajput's throwback video goes viral
সুশান্ত সিং ৰাজপুত

চিটাৰা ডেস্ক,6 জুলাইঃ বিগত মাহত অকাল মৃত্যু হ'ল বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৷ অনুৰাগীসকলে যেন এতিয়াও মানি ল'ব পৰা নাই এই সত্য ৷ এইকেইদিন ছ'চিয়েল মিডিয়াত পুৰণা ভিডিঅ'বোৰ খুবেই ভাইৰেল হৈ পৰিছে ৷

শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত এগৰাকী সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে, তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি ?

অভিনেতাগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ এক বিশেষ আন্দাজেৰে প্ৰদান কৰিছিল ৷ তেওঁ কৈছিল, "ক'ম, এতিয়া এনেকৈ সকলোৰে সন্মুখত কৈ দিলে গাৰ্লফ্ৰেণ্ডে বেয়া পাব নহয় ৷"

ইয়াৰ বাহিৰেও ভাইৰেল হোৱা অন্য এটা ভিডিঅ'ত কেডাৰনাথ ছবিৰ সহ অভিনেত্ৰী চাৰা আলী খান আৰু চলমান খানক সুশান্ত সিঙৰ সৈতে দেখিবলৈ পোৱা গৈছে ৷ এই ভিডিঅ'টোত চলমান খানে শ্বাহৰুখ খানৰ সুন্দৰ অভিনয় কৰা পৰিলক্ষিত হৈছে ৷

সেইদৰে সুশান্ত সিঙৰ অন্য এটা ভিডিঅ'ও ইন্টাৰনেটত খুবেই ভাইৰেল হৈ পৰিছে ৷ য'ত এটা বঁটা বিতৰণী অনুষ্ঠানত চেইফ আলী খান আৰু কৰণ জোহৰে তেওঁৰ সৈতে এটা প্ৰশ্নোত্তৰ ৰাউণ্ড কৰিছে ,য'ত সুশান্ত সিঙে শুদ্ধ উত্তৰ দিয়াৰ লগতে এটা বিশেষ নাচ নচাও পৰিলক্ষিত হৈছে ৷ যিটো দেখাৰ পিছত আপুনিও চাগে নিজৰ হাঁহি ৰখাব নোৱাৰিব৷

লগতে পঢ়কঃভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.