চিটাৰা ডেস্ক, 1 মাৰ্চ : ষষ্ঠ দিনৰ বাবে অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ । ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াই নিৰন্তৰ মিছাইল এৰি আছে আৰু ইউক্ৰেইন দখলৰ প্ৰক্ৰিয়া চলাই নিছে ।
ইউক্ৰেইন বাসীসকলৰ মাজত মৃত্যুৰ ভয় স্পষ্টভাৱে দেখা পোৱা গৈছে ৷ সকলোৱে নিজৰ বাসস্থান এৰি লৰ ধৰিছে সুৰক্ষিত আশ্ৰয় স্থানলৈ ৷ এনেকুৱা এক শিহৰণকাৰী পৰিস্থিতি য’ত সকলোৱে নিজকে বচাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে তাৰ মাজতে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেনাই (Former Miss Ukraine joins war against Russia) ৷
আনাস্তাছিয়া লেনাই যুদ্ধ আৰম্ভ হোৱাৰ দিনা অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত এই ফটোবোৰ শ্বেয়াৰ কৰিছিল ৷ লেনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সেনাৰ পোছাক পিন্ধি ফটোবোৰ শ্বেয়াৰ কৰিছিল আৰু মানুহক ৰাছিয়ান সেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আহ্বান জনাইছিল । কেপচনত তেওঁ লিখিছিল, "ইউক্ৰেইনৰ সৈতে থিয় হওঁক আৰু আপোনাৰ সহায়ৰ হাত আগবঢ়াওক" (Ukraine celebrity statement on war) ।
এতিয়া আনাস্তাছিয়া লেনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ভ্লাদিমিৰ আৰু ভ্লাদিমিৰৰ সেনাৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিছে । এই বাতৰিটো ডেইলী মেইলে প্ৰকাশ কৰিছিল । ডেইলী মেইলৰ বাতৰি অনুসৰি, 2015 চনত মিছ ইউক্ৰেইন প্ৰতিযোগিতাত বিজয়ী হোৱা লেনাই ইন্ষ্টাগ্ৰামত নিজৰ ফটো পোষ্ট কৰি ঘোষণা কৰিছিল যে তেওঁ ৰাছিয়াৰ সৈন্যৰ বিৰুদ্ধে যুদ্ধত যোগদান কৰিছে ।
লেনাই বৰ্তমান তুৰস্কত জনসম্পৰ্ক মেনেজাৰ হিচাপে কাম কৰি আছে । ডেইলী মেইলৰ মতে, লেনা শ শ স্বেচ্ছাসেৱকৰ গোটৰ সৈতে জড়িত হৈ আছে ।
লগতে পঢ়ক: Suhana Khan latest pictures:অনন্যা,সাৰা, জাহ্নৱীৰ দৰে সুহানাও নামিল ফটোশ্বুটত