ETV Bharat / sitara

টিক টক নিষিদ্ধ হোৱাৰ বাবে সুখী বহুকেইজন তাৰকা

author img

By

Published : Jul 1, 2020, 9:31 PM IST

চৰকাৰে 59 টা চীনা এপ নিষিদ্ধ কৰাৰ বাবে সুখী বহুকেইজন তাৰকা ৷ বিশেষকৈ টিক টক নিষিদ্ধ হোৱাৰ বাবে সুখ প্ৰকাশ কৰিছে তাৰকাকেইগৰাকীয়ে ৷ কোন এইসকল তাৰকা ৷ জানিবলৈ পঢ়ক.....

film stars lauds govt decision to Ban chinese apps
টিকটক নিষিদ্ধ হোৱাৰ বাবে সুখী বহুকেইজন তাৰকা

চিটাৰা ডেস্ক,1 জুলাইঃ ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে মুঠ 59 টা চীনা এপ ৷ তাৰ মাজত ভাৰতৰ যথেষ্ট জনপ্ৰিয় চীনা এপ টিক টকো অন্তৰ্ভুক্ত ৷ এই এপ ভাৰতত নিষিদ্ধ হোৱাৰ বাবে যথেষ্ট সুখী হৈ পৰিছে একাংশ তাৰকা ৷ ছবি আৰু টেলিভিছন দুয়োখন জগতৰে বহু তাৰকা সুখী এই সিদ্ধান্তক লৈ ৷

film stars lauds govt decision to Ban chinese apps
জনপ্ৰিয় অভিনেত্ৰী মলাইকা অৰোৰাৰ প'ষ্ট

জনপ্ৰিয় অভিনেত্ৰী মলাইকা অৰোৰাৰ মতে, "লক ডাউনৰ মাজত বৰ্তমানলৈকে এইটো এটা আটাইতকৈ ভাল খবৰ ৷"

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে লিখে," অৱশেষত এতিয়া আমি মানুহৰ হাস্যকৰ ভিডিঅ' চাবলৈ নাপাম ৷"

অভিনেতা কৰণবীৰ বহৰাৰ মতে, " চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ সুখী ৷ মানুহে ভাৱি থাকে যে নিজৰ দেশৰ বাবে কি কৰিব পাৰে ? মই কওঁ প্ৰত্যেকটো খোজেই গুৰুত্বপূৰ্ণ ৷ এয়া এক শুভাৰম্ভণী ৷"

অভিনেতা কুশল টণ্ডনো যথেষ্ট সুখী চৰকাৰৰ সিদ্ধান্তক লৈ ৷ কুশলে ইয়াৰ পূৰ্বতেও টিকটকক লৈ নিজৰ আপত্তি দৰ্শাইছিল ৷ তেওঁ ছ'চিয়েল মিডিয়া একাউন্টত লিখিছে," অৱশেষত কিবা ভাল খবৰ পালো ৷"

অভিনেতা অচমিত পেটেলেও এই কথাটো যথেষ্ট ভাল পাইছে বুলি উল্লেখ কৰিছে ৷

অভিনেত্ৰী নিয়া শৰ্মাইও এই সিদ্ধান্তক সহযোগিতা কৰা পৰিলক্ষিত হৈছে ৷

  • Thank youu for saving our country. This Virus named Tik tok should never be allowed again! 🙏 https://t.co/qYEYmOYaSv

    — NIA SHARMA (@Theniasharma) June 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এওঁলোকৰ উপৰিও অভিনেতা নিকিতিন ধীৰ, সংগীতকাৰ বিশাল ডাডলানীৰ দৰে বহু জনপ্ৰিয় তাৰকাই চৰকাৰৰ এই পদক্ষেপৰ যথেষ্ট শলাগ লৈছে ৷

লগতে পঢ়কঃগুৱাহাটীৰ ৰাজপথত ভগৱানৰ বিলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.