ETV Bharat / sitara

সুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক​ কৰি তুলিলে অনুৰাগীক

author img

By

Published : Jul 7, 2020, 1:36 PM IST

সুশান্ত সিং ৰাজপুতৰ বহু প্ৰত্যাশিত তথা অন্তিম খন ছবিৰ ট্ৰেইলাৰ মুক্তি পালে সোমবাৰে ৷ ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈ পৰিছে ট্ৰেইলাৰটো লগতে সকলোৱে যথেষ্ট পচন্দ কৰিছে সুশান্তৰ অভিনয় ৷ অভিনেতাগৰাকীক লৈ ভাবুক​ হৈ পৰিছে তেওঁৰ সকলো অনুৰাগী ৷ কেৱল অনুৰাগীয়েই নহয় বলীউডৰ বহু তাৰকা তথা সহকৰ্মী যথেষ্ট ভাবুক​ হৈ পৰিছে ছবিখনৰ ট্ৰেইলাৰটো মুক্তিৰ পিছত ৷

Dil Bechara trailer: This dialogue of Sushant Singh Rajput tugs at fans' hearts
সুশান্তৰ শেষৰখন ছবিৰ ট্ৰেইলাৰে ভাবুক কৰি তুলিলে অনুৰাগীক

চিটাৰা ডেস্ক,7জুলাইঃ মুক্তি পালে বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰ ৷ সুশান্ত সিঙৰ দিল বেচাৰা নামৰ অন্তিম ছবিখনত সুশান্তৰ সৈতে অভিনয় কৰিছে সঞ্জনা সাংঘী নামৰ নৱাগতা অভিনেত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অনুৰাগীসকলৰ বাবে ছবিখন যথেষ্ট বিশেষ কাৰণ এইখন সুশান্তৰ জীৱনৰ অন্তিমখন ছবি ৷ ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈ পৰিছে ট্ৰেইলাৰটো ৷ সকলোৱে যথেষ্ট পচন্দ কৰিছে সুশান্তৰ অভিনয় ৷ অভিনেতাগৰাকীক লৈ ভাবুক​ হৈ পৰিছে তেওঁৰ সকলো অনুৰাগী ৷

ট্ৰেইলাৰটোত সুশান্তই কোৱা এটা সংলাপে চুই গৈছে সকলোৰে হৃদয় ৷ সংলাপটো আছিল এনেধৰণৰঃ "জন্ম মৃত্যু কাৰো হাতত নাই কিন্তু যেতিয়ালৈকে জীৱনটো আছে, কেনেকৈ জীয়াই থাকিব লাগে, সেয়া সম্পূৰ্ণ আমাৰ হাতত আছে ৷"

This Dialogue from #DilBecharaTrailer is heartbreaking when he says "Janam kab lena hai aur marna kab hai, hum decide nahi kar sake par jeena kaise hai wo hum decide kar skte hai" :(#SushantSinghRajput pic.twitter.com/zSNINEFG2Y

— Anon Hacker (@Anonhackr) July 6, 2020 ">

বহুজনে সংলাপটো পচন্দ কৰাৰ লগতে প'ষ্ট কৰিছে নিজৰ নিজৰ ছ'চিয়েল মিডিয়া একাউন্টত ৷

ট্ৰেইলাৰটোত প্ৰয়াত অভিনেতাগৰাকীয়ে এগৰাকী হাঁহিমুখীয়া কলেজীয়া ছাত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ যি জীৱনটো জীয়াই থকাৰ ক্ষেত্ৰত ,উদযাপন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ উৎসাহী ৷ ইফালে সুশান্তৰ বিপৰীত চৰিত্ৰত অভিনয় কৰা সঞ্জনা সাংঘী এগৰাকী লাজকুৰীয়া আৰু শান্ত ছোৱালী , যি কেঞ্চাৰৰ দৰে দুৰোৰোগ্য ৰোগৰ সৈতে যুঁজি আছে ৷

ট্ৰেইলাৰটোত হৃদয় চুই যোৱা দৃশ্য থকাৰ উপৰিও সুন্দৰ চাউণ্ড ট্ৰেকে মোহাচ্ছন্ন কৰিছে বহুজনক ৷

মুকেশ ছাৱৰাৰ দ্বাৰা নিৰ্দেশিত ছবিখন ফক্স ষ্টাৰ ষ্টু়ডিঅ'ৰ বেনাৰত নিৰ্মিত ৷ ছবিখনৰ সংগীত প্ৰযোজনা কৰিছে এ.আৰ.ৰহমানে ৷

অহা 24জুলাইত Disney+ Hotstarত মুক্তি পাব দিল বেচাৰা নামৰ দৰ্শকৰ বহু প্ৰত্যাশিত এই ছবিখন ৷

লগতে পঢ়কঃউৰ্বশী ৰৌতেলাই কি ক'লে তেওঁৰ বয়ফ্ৰেণ্ডৰ বিষয়ে .....

চিটাৰা ডেস্ক,7জুলাইঃ মুক্তি পালে বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰ ৷ সুশান্ত সিঙৰ দিল বেচাৰা নামৰ অন্তিম ছবিখনত সুশান্তৰ সৈতে অভিনয় কৰিছে সঞ্জনা সাংঘী নামৰ নৱাগতা অভিনেত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অনুৰাগীসকলৰ বাবে ছবিখন যথেষ্ট বিশেষ কাৰণ এইখন সুশান্তৰ জীৱনৰ অন্তিমখন ছবি ৷ ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈ পৰিছে ট্ৰেইলাৰটো ৷ সকলোৱে যথেষ্ট পচন্দ কৰিছে সুশান্তৰ অভিনয় ৷ অভিনেতাগৰাকীক লৈ ভাবুক​ হৈ পৰিছে তেওঁৰ সকলো অনুৰাগী ৷

ট্ৰেইলাৰটোত সুশান্তই কোৱা এটা সংলাপে চুই গৈছে সকলোৰে হৃদয় ৷ সংলাপটো আছিল এনেধৰণৰঃ "জন্ম মৃত্যু কাৰো হাতত নাই কিন্তু যেতিয়ালৈকে জীৱনটো আছে, কেনেকৈ জীয়াই থাকিব লাগে, সেয়া সম্পূৰ্ণ আমাৰ হাতত আছে ৷"

বহুজনে সংলাপটো পচন্দ কৰাৰ লগতে প'ষ্ট কৰিছে নিজৰ নিজৰ ছ'চিয়েল মিডিয়া একাউন্টত ৷

ট্ৰেইলাৰটোত প্ৰয়াত অভিনেতাগৰাকীয়ে এগৰাকী হাঁহিমুখীয়া কলেজীয়া ছাত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ যি জীৱনটো জীয়াই থকাৰ ক্ষেত্ৰত ,উদযাপন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ উৎসাহী ৷ ইফালে সুশান্তৰ বিপৰীত চৰিত্ৰত অভিনয় কৰা সঞ্জনা সাংঘী এগৰাকী লাজকুৰীয়া আৰু শান্ত ছোৱালী , যি কেঞ্চাৰৰ দৰে দুৰোৰোগ্য ৰোগৰ সৈতে যুঁজি আছে ৷

ট্ৰেইলাৰটোত হৃদয় চুই যোৱা দৃশ্য থকাৰ উপৰিও সুন্দৰ চাউণ্ড ট্ৰেকে মোহাচ্ছন্ন কৰিছে বহুজনক ৷

মুকেশ ছাৱৰাৰ দ্বাৰা নিৰ্দেশিত ছবিখন ফক্স ষ্টাৰ ষ্টু়ডিঅ'ৰ বেনাৰত নিৰ্মিত ৷ ছবিখনৰ সংগীত প্ৰযোজনা কৰিছে এ.আৰ.ৰহমানে ৷

অহা 24জুলাইত Disney+ Hotstarত মুক্তি পাব দিল বেচাৰা নামৰ দৰ্শকৰ বহু প্ৰত্যাশিত এই ছবিখন ৷

লগতে পঢ়কঃউৰ্বশী ৰৌতেলাই কি ক'লে তেওঁৰ বয়ফ্ৰেণ্ডৰ বিষয়ে .....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.