ETV Bharat / sitara

সুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰ মুকলি

সোমবাৰে মুক্তি লাভ কৰিলে সুশান্ত সিং ৰাজপুতৰ শেষৰ ছবি দিল বেচাৰাৰ ট্ৰেইলাৰ ৷ এই ছবিখনক লৈ তেওঁৰ অনুৰাগীসকল যথেষ্ট আৱেগিক আৰু উৎসাহী হৈ আছে ৷ ছবিখনত সুশান্ত সিং ৰাজপুতৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে সঞ্জনা সাংঘীয়ে ৷

author img

By

Published : Jul 6, 2020, 7:32 PM IST

Dil bechara trailer out now
দিল বেচাৰাৰ ট্ৰেইলাৰ মুক্তি

চিটাৰা ডেস্ক,6জুলাইঃ সোমবাৰে মুক্তি পালে সদ্যপ্ৰয়াত বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰাৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰটো ৷ য'ত অভিনেতা গৰাকীৰ লগত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেত্ৰী সঞ্জনা সাংঘীয়ে৷

  • " class="align-text-top noRightClick twitterSection" data="">

সুশান্তৰ অনুৰাগীসকলে বহু আশাৰে ৰৈ আছিল ট্ৰেইলাৰটোৰ বাবে ৷ সুশান্তৰ অনুৰাগীসকলে ছবিখন ছবিগৃহত চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কৰ'ণাৰ প্ৰভাৱৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷

সেয়ে ছবিখন বৰ্তমান ডিজিটেলি মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সুশান্তৰ সৈতে অভিনয় কৰা অভিনেত্ৰী সঞ্জনা সাংঘীয়ে এই ছবিখনৰ জৰিয়তে বলীউড জগতত পদাৰ্পণ কৰিছে ৷ ছবিখনক লৈ সুশান্তৰ বহু অনুৰাগী যথেষ্ট সুখী, উৎসাহী আৰু আৱেগিক হৈ পৰিছে৷

ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে দৰ্শকসকল যথেষ্ট আৱেগিক হৈ পৰাৰ লগতে ট্ৰেইলাৰটোক লৈ আৱেগিক কমেন্ট প্ৰদান কৰিছে ৷

জনাই থওঁ যে, সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি পৰিচালনা কৰিছে মুকেশ ছাৱৰাই ৷ অহা 24 জুলাই তাৰিখে অ'টিটি প্লেটফৰ্মৰ জৰিয়তে দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰখন ছবি দিল বেচাৰা

লগতে পঢ়কঃজন্মদিন বিশেষঃদৰ্শকৰ হৃদয়ত স্থান লোৱা 35বছৰীয়া ৰণবীৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.