ETV Bharat / sitara

নিৰ্মাণ নহ'ব নেকি দীপিকাৰ সপোনৰ "মহাভাৰত" ছবি ? - "৮৩" আৰু "দ্য়া ইন্টৰ্ণ"

বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ২০১৯ চনৰ অক্টোবৰ মাহত ঘোষণা কৰিছিল "মহাভাৰত" ছবিখনৰ । ছবিখনৰ মুক্তিৰ বাবেও পৰিকল্পনা কৰা হৈছিল কিন্তু শেহতীয়া তথ্য় অনুসৰি ছবিখনৰ নিৰ্মাণ স্থগিত ৰখা হৈছে ।

নিৰ্মাণ নহ'ব নেকি দীপিকাৰ সপোনৰ "মহাভাৰত" ছবি ?

author img

By

Published : Jan 19, 2021, 2:16 PM IST

চিটাৰা ডেস্ক,১৯ জানুৱাৰী : বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ২০১৯ চনৰ অক্টোবৰ মাহত ঘোষণা কৰিছিল "মহাভাৰত" ছবিখনৰ । ঐতিহাসিক "দ্ৰোপদী" চৰিত্ৰক আধাৰ হিচাপে লৈ নিৰ্মাণ হ'বলগা ছবি "মহাভাৰত"ত সহ প্ৰযোজকৰ লগতে মূল চৰিত্ৰত অভিনয়ৰো ইচ্ছা প্ৰকাশ কৰিছিল দীপিকা পাডুকনে । ইয়াৰ পিছতে ছবিখনকলৈ চাৰিওফালে চৰ্চা আৰম্ভ হৈছিল কিন্তু শেহতীয়াকৈ এটা খবৰে সকলোকে চিন্তিত কৰি তুলিছে । খবৰ অনুসৰি ছবিখন নিৰ্মাণ বন্ধ কৰি দিয়া হৈছে আৰু ছবিখন নিৰ্মাণৰ বাবে সঠিক সময় আহিলে পুনৰ ছবি নিৰ্মাণকাৰী দলটোৱে আৰম্ভ কৰিব ছবিখনৰ কাম । ইফালে দীপিকা পাডুকনে ছবি নিৰ্মাতা মধু মন্তেনাৰ সৈতে একেলগে ছবিখনকলৈ বিভিন্ন পৰিকল্পনাও আৰম্ভ কৰিছিল আৰু তেওঁলোকে কেইবাগৰাকী পৰিচালকৰ সৈতেও কথা বতাৰ পাতিছিল । সেইসকল পৰিচালকৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশাল ভৰদ্বাজও আছিল । আনকি ছবি খন ২০২১ ৰ দীপাৱলীত মুক্তি দিয়াৰ বাবেও পৰিকল্পনা কৰা হৈছিল ।

কিন্তু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ছবিখনৰ নিৰ্মাণকাৰী দলটোৱে ছবিখনৰ বাবে এজন উপযুক্ত পৰিচালক নোপোৱাৰ বাবেই ছবিখনৰ নিৰ্মাণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সম্প্ৰতি "মহাভাৰত"ৰ দলটো ছবিখনৰ জাহাজৰ কেপ্তেইন চৰিত্ৰৰ বাবে অভিনেতা বিচাৰি আছে যদিও ছবিখন নিৰ্মাণক লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধক হিচাপে ঠিয়ে দিছে একাংশ চলচিত্ৰ প্ৰেমীৰ মাজত ।

মহাভাৰত নিৰ্মাৰ বাবে কথা বতৰা চলি থকাৰ মাজতে দীপিকাই আন পৰিকল্পনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰো এক চৰ্চা চলিছে কিয়নো দীপিকাক সহ প্ৰয়োজকৰ লগতে বিশেষ চৰিত্ৰত অভিনয় কৰা দেখা যাব পৰৱৰ্তী ছবি "৮৩" আৰু "দ্য়া ইন্টৰ্ণ"ত ।

লগতে পঢ়ক :‘তাণ্ডৱ’ বিতৰ্ক : তদন্তৰ বাবে মুম্বাইত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.