ETV Bharat / sitara

2021ত মুক্তি পাব ডেনিয়েল ক্ৰেগৰ ‘No Time to Die’ ছবিখন - ডেনিয়েল ক্ৰেগ

2021 বৰ্ষৰ 2 এপ্ৰিলত মুক্তি লাভ কৰিব 25 সংখ্যক জেমছ বোণ্ডৰ জীৱনৰ আধাৰত নিৰ্মিত ‘No Time to Die’ ছবিখন ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত ছবিখনে মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে ছবিখনৰ মুক্তি লাভৰ তাৰিখ নৱেম্বৰ মাহলৈ পিছুৱাই দিয়াৰ পাচত পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছবিখনৰ পৰিচালক-নিৰ্দেশকে ৷

Daniel Craig's No Time to Die release pushed to 2021
2021ত মুক্তি পাব ডেনিয়েল ক্ৰেগৰ ‘No Time to Die’ ছবিখন
author img

By

Published : Oct 3, 2020, 8:10 PM IST

চিটাৰা ডেস্ক,3 অক্টোবৰ : আগন্তুক বৰ্ষৰ 2 এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে অভিনেতা ডেনিয়েল ক্ৰেগ অভিনীত 25 সংখ্যক জেমছ বোণ্ডৰ জীৱনৰ আধাৰত নিৰ্মিত ‘No Time to Die’ ছবিখন ৷

এজন প্ৰতিষ্ঠিত ব্ৰিটিছ চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰা ক্ৰেগৰ পঞ্চম তথা অন্তিম চিৰিজৰ ছবিখন চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে ছবিখনৰ মুক্তি লাভৰ তাৰিখ নৱেম্বৰ মাহলৈ পিছুৱাই দিয়া হৈছিল ৷

MGM Studiosৰ Universal Pictures and Bondৰ পৰিচালক Michael G Wilson আৰু Barbara Broccoliয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো বিশ্বজুৰি দৰ্শকে যাতে ছবিখন ছবিগৃহত উপভোগ কৰিব পাৰে ৷

নিৰ্দেশক Cary Joji Fukunagaয়ে নিৰ্দেশনা কৰা ‘No Time to Die’ ছবিখনত অভিনয় কৰিছে Lea Seydoux, Naomie Harris, Ben Whishaw, Ralph Fiennes, Rory Kinnear, Christoph Waltz, Lashana Lynch, Billy Magnussen, Jeffrey Wright আৰু Rami Malekয়ে ৷

লগতে পঢ়ক: ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.