ETV Bharat / sitara

কংগনাৰ মানালীৰ বাসগৃহত উপস্থিত কেন্দ্ৰৰ 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষীৰ দল - 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষী

অভিনেত্ৰী কংগনা ৰাণাৱট আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ মাজতে অভিনেত্ৰীগৰাকীৰ মানালীৰ বাসগৃহত উপস্থিত কেন্দ্ৰৰ 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষীৰ দল। সোমবাৰে 'Y' পৰ্যায়ৰ নিৰাপত্তাৰ প্ৰদানত কেন্দ্ৰই অনুমতি দিছিল।

কংগনাৰ মানালীৰ বাসগৃহত উপস্থিত কেন্দ্ৰৰ 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষীৰ দল

author img

By

Published : Sep 8, 2020, 6:22 PM IST

চিটাৰা ডেস্ক, ৮ছেপ্টেম্বৰ: কেন্দ্ৰৰ অনুমতি সাপেক্ষে 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হ'ল অভিনেত্ৰী কংগনা ৰাণাৱটৰ মানালীৰ বাসগৃহত। সোমবাৰে কেন্দ্ৰই অনুমতি দিয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে টুইটযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে । টুইটত তেওঁ উল্লেখ কৰিছে, চৰকাৰৰ সহযোগিতাই এই কথা প্ৰমাণ কৰে যে, কোনেও দেশপ্ৰেমীৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । লগতে তেওঁ কয় যে, 'অমিত শ্বাহে ইচ্ছা কৰা হ'লে পৰিস্থিতিৰ দোহাই দি মোৰ মুম্বাই যাত্ৰা স্থগিত কৰিব পাৰিলেহেতেন ।

কিন্তু তেওঁ তাৰ পৰিৱৰ্তে মোৰ নিৰপত্তা সুনিশ্চিত কৰি ভাৰতৰ এগৰাকী কন্যাৰ কামক সন্মান দিছে ।' ইয়াৰ পূৰ্বে অভিনেত্ৰী কংগনা ৰাণাৱটক নিজৰ ৰাজ্যৰ জীয়ৰী বুলি উল্লেখ কৰি কংগনাৰ পিতৃয়ে নিৰপত্তাক লৈ চিন্তিত হোৱাৰ কথা প্ৰকাশ কৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে। উল্লেখ্য যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱটে মুম্বাইলৈ উভতি নাহিবলৈ মুকলিকৈ ধমক দিছিল বুলি অভিযোগ কৰি টুইট কৰিছিল কংগনাই । মুম্বাইত থাকিলে পাকিস্তান অধিকৃত কাস্মীৰত থকা যেন অনুভৱ হয় বুলিও টুইট কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

ইপিনে, ৰাৱটে নিজৰ মন্তব্যকে অস্বীকাৰ কৰি কয় যে, মুম্বাইয়ে কংগনা নাম, যশ আদি দিছে আৰু এতিয়া কংগনাই মুম্বাই আৰু মুম্বাই আৰক্ষীক বদনাম কৰাত উঠি-পৰি লাগিছে । অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছত ছবি মাফিয়া আৰু ড্ৰাগছৰ বিষয়ে বিভিন্ন মন্তব্য কৰি আহিছে কংগনাই। লগতে মুম্বাই আৰক্ষীৰ ওপৰত বিশ্বাস নাই বুলিও প্ৰকাশ কৰিছিল। এনে বাক-বিতণ্ডাৰ মাজতে মঙলবাৰে অভিনেত্ৰীগৰাকীৰ মানালীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰৰ 'Y' পৰ্যায়ৰ নিৰাপত্তাৰক্ষীৰ দল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.