গুৱাহাটী,10 ফেব্ৰুৱাৰীঃ দেওবাৰে সামৰণি পৰিল গুৱাহাটীৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত তিনিদিনীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ । বিগত তিনিদিন ধৰি গীতে মাতে জীপাল হৈ আছিল বিশ্ববিদ্যালয়খনৰ প্ৰাংগন । সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোনালী ঠাকুৰে । এটাৰ পিছত এটাকৈ নিজৰ জনপ্ৰিয় গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে কণ্ঠশিল্পীগৰাকীয়ে । মোনালী ঠাকুৰৰ এই অনুষ্ঠানটোত যথেষ্ট লোকৰ সমাগম ঘটে । বলীউডৰ কণ্ঠশিল্পীগৰাকীৰ সুন্দৰ সুন্দৰ গীতসমূহ উপভোগ কৰাৰ লগতে তেওঁক কাষৰ পৰা চোৱাৰ হেঁপাহেৰে অনুষ্ঠানটোত উপস্থিত হয় যথেষ্ট অনুৰাগী ৷ উল্লেখযোগ্য যে, যোৱা ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত ফেশ্বন শ্ব', ডি জে নাইটৰ দৰে অনুষ্ঠান অনুষ্ঠিত হয় ৷
গুৱাহাটীত বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী মোনালী ঠাকুৰ - বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী মোনালী ঠাকুৰ
দেওবাৰে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোনালী ঠাকুৰৰ সংগীতৰ মায়াজাল ৷
গুৱাহাটী,10 ফেব্ৰুৱাৰীঃ দেওবাৰে সামৰণি পৰিল গুৱাহাটীৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত তিনিদিনীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ । বিগত তিনিদিন ধৰি গীতে মাতে জীপাল হৈ আছিল বিশ্ববিদ্যালয়খনৰ প্ৰাংগন । সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোনালী ঠাকুৰে । এটাৰ পিছত এটাকৈ নিজৰ জনপ্ৰিয় গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে কণ্ঠশিল্পীগৰাকীয়ে । মোনালী ঠাকুৰৰ এই অনুষ্ঠানটোত যথেষ্ট লোকৰ সমাগম ঘটে । বলীউডৰ কণ্ঠশিল্পীগৰাকীৰ সুন্দৰ সুন্দৰ গীতসমূহ উপভোগ কৰাৰ লগতে তেওঁক কাষৰ পৰা চোৱাৰ হেঁপাহেৰে অনুষ্ঠানটোত উপস্থিত হয় যথেষ্ট অনুৰাগী ৷ উল্লেখযোগ্য যে, যোৱা ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত ফেশ্বন শ্ব', ডি জে নাইটৰ দৰে অনুষ্ঠান অনুষ্ঠিত হয় ৷
Video RTU format Body:Hirul Haque Conclusion:Guwahati