ETV Bharat / sitara

জনতা কাৰ্ফিউ উদযাপন কৰাকলৈ বি-টাউনবাসীৰ মাজত সমালোচনা - বিশ্বজুৰি কৰ'ণাৰ আতংক

দেওবাৰে জনতা কাৰ্ফিউৰ সময়তে 5 বজাৰ পিছত দেশৰ ঠায়ে ঠায়ে সৃষ্টি হয় এক উছৱমুখৰ পৰিৱেশৰ ৷ বি-টাউনবাসীয়ে সমগ্ৰ ঘটনাকলৈ সমালোচনা কৰাৰ লগতে গোটেই বিষয়টো যথেষ্ট চিন্তনীয় বুলি প্ৰকাশ কৰে ৷

Bollywood criticises Janata Curfew celebrations on streets: it's worrisome, stupid
জনতা কাৰ্ফিউ উদযাপন কৰাকলৈ বি-টাউনবাসীৰ মাজত সমালোচনা
author img

By

Published : Mar 23, 2020, 5:18 PM IST

চিটাৰা ডেস্ক,23 মাৰ্চঃ বিশ্বজুৰি কৰ'ণাৰ আতংক ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ কাঢ়া নিৰ্দেশ প্ৰশাসনৰ ৷ দেওবাৰে জনতা কাৰ্ফিউৰ সময়ত একাংশ মানুহ ৰাজপথলৈ ওলাই আহি সকলো নিয়ম অৱমাননা কৰি সৃষ্টি কৰিলে এক উছৱমুখৰ পৰিৱেশৰ ৷ বিয়লি 5 বজাৰ পিছৰ পৰা দেশৰ ঠায়ে ঠায়ে একাংশই সংঘটিত কৰা এনে কাৰ্য দেখি অবাক হোৱাৰ লগতে ভীতিগ্ৰস্ত হৈছে সচেতন ৰাইজ ৷ ইয়াক লৈ চৰ্চা হৈছে সৰ্বত্ৰে ৷ দেওবাৰে সোনম কাপুৰ, ৰিছা চড্ডা , নিম্ৰত কৌৰৰ দৰে বি-টাউনৰ বহু জনপ্ৰিয় তাৰকাই জনতা কাৰ্ফিউ উদযাপন কৰাকলৈ সমালোচনাত মুখৰ হয় ৷

  • The attitude behind the circus that’s unfolded in so many parts of the country over “celebrating” the end of #Covid19 is the exact reason why we should be so worried for India. Praying the price we pay for this utter embarrassment and horror isn’t irreversible and drastic.

    — Nimrat Kaur (@NimratOfficial) March 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • धन्यवाद सर। एक बार आपकी डाँट की भी आवश्यकता है इन लोगों को। https://t.co/IuqoWAKBgJ

    — Anubhav Sinha (@anubhavsinha) March 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশনা দিয়াৰ পিছতো একাংশই সজাগতাৰ অভাৱত কৰিছে কিছু অদ্ভুত-উদ্ভণ্ডালি ৷ চ'ছিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে এনে বহুতো ভিডিঅ' ৷ সমদল বাহিৰ কৰি বিভিন্নজনে ৰং-ৰহইচ কৰা ঘটনাক লৈ বহু বি-তাৰকাই ক্ষোভ প্ৰকাশ কৰিছে চ'ছিয়েল মিডিয়াযোগে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিৰ্পট অনুসৰি, সম্প্ৰতি ভাৰতত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 415 গৰাকী ৷ অৱশ্যে এই সংখ্যা ক্ৰমাণ্বয়ে আৰু বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হৈছে ৷

লগতে পঢ়কঃ বন্ধ হৈ পৰিল ভাৰত-ভূটান সংযোগী সকলো দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.