ETV Bharat / sitara

'বিগ বি'ৰ লাডাখ ভ্ৰমণক লৈ উদ্বিগ্ন অনুৰাগী - ৭৯ বছৰীয়া প্ৰবীণ অভিনেতা

মাইনাছ ৩৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত লাডাখ ভ্ৰমণৰ কৰাৰ কথা কৈ অনুৰাগীক কৌতূহলী আৰু উদ্বিগ্ন কৰি তুলিলে অমিতাভ বচ্চনে । বুধবাৰে ফেচবুক পোষ্টযোগে লাডাখ ভ্ৰমণৰ কথা শ্বেয়াৰ কৰে ৭৯ বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীয়ে ।

'বিগ বি'ৰ লাডাখ ভ্ৰমণক লৈ উদ্বিগ্ন অনুৰাগী

author img

By

Published : Jan 6, 2021, 7:33 PM IST

চিটাৰা ডেস্ক, ৬ জানুৱাৰী: বুধবাৰে বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ এটা ফেচবুক পোষ্টে উদ্বিগ্নতা বৃদ্ধি কৰিছে অনুৰাগীৰ মাজত । এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, 'লাডাখলৈ গৈছিলো আৰু উভতিলো । তাপমাত্ৰা মাইনাছ ৩৩ ডিগ্ৰী চেলছিয়াছ' । আনকি পিন্ধি থকা গৰম পোছাকে তেওঁক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বুলি লিখিছে পোষ্টটোত । পোষ্টটো শ্বেয়ৰ কৰাৰ পিছতে ৭৯ বছৰীয়া অভিনেতাগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে অনুৰাগীসকল ।

COVID-১৯ৰে যুঁজি কিছুদিন পূৰ্বে সুস্থ হৈ উঠিছে অভিনেতাগৰাকী । সেয়েহে, অনুৰাগীসকল অধিক চিন্তিত হৈ পৰিছে । এগৰাকী অনুৰাগীয়ে লিখিছে যে, 'মৰমৰ অমিত জী, আপুনি যুৱ অভিনেতাতকৈ অধিক কাম কৰি আছে । মই আপোনাৰ বাবে যথেষ্ট সুখী । আমি সকলোৱে আপোনাক ভাল পাও । অনুগ্ৰহ কৰি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব । আমি আপোনাক বিচাৰো ।'

আন এজনে লিখিছে যে, 'যিমানেই গুৰুত্বপূৰ্ণ প্ৰজেক্ট নহওক কিয়, আপুনি নিজৰ জীৱনক এনেদৰে বিপদৰ মাজলৈ ঠেলি দিয়াতো উচিত নহয় । যদি জীৱন শেষ হৈ যায়, তেন্তে একো বাকী নৰ'ব । আপুনি বহুত ধন উপাৰ্জন কৰিলে' । এতিয়া দুঃসাহসিক কাম নকৰিব বুলি পৰামৰ্শ আগবঢ়ালে অনুৰাগীয়ে । আনহাতে, এগৰাকী অনুৰাগীয়ে কয় যে, প্ৰচণ্ড ঠাণ্ডাত বৰফৰ মাজত বিগ বিয়ে কৰা কামক লৈ প্ৰশংসা কৰে আৰু সু-স্বাস্থ্যৰ কামনা কৰে ।

লগতে পঢ়ক:মুক্তি পালে 'মেডাম চীফ মিনিষ্টাৰ'ৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.