ETV Bharat / sitara

আয়ুষ্মান অভিনীত গব্ৰু গীতটিলৈ দৰ্শকৰ সমাদৰ

author img

By

Published : Jan 29, 2020, 11:14 AM IST

আয়ুষ্মান খুৰাণা অভিনীত নতুন ছবি শুভ মংগল জ্যাদা সাৱধানৰ নতুন গীত 'গব্ৰু'য়ে মুক্তিৰ এদিনৰ ভিতৰত অতিক্ৰম কৰে 10 মিলিয়ন ভিউজ ৷

ayushman starrer gabru song mints ten million views
আয়ুষ্মান খুৰাণা

মুম্বাই,29 জানুৱাৰীঃ আয়ুষ্মান খুৰাণা অভিনীত ছবি শুভ মংগল জ্যাদা সাৱধানৰ নতুন গীত 'গব্ৰু'য়ে মুক্তিৰ এদিনৰ ভিতৰত ইউ টিউবত অৰ্জন কৰিছে 10 মিলিয়ন ভিউজ ৷ 35 বছৰীয়া অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এই কথা প্ৰকাশ কৰি লিখে যে তেওঁৰ নতুন গীতটোৱে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ ৷ লগতে আপুনিও তাৰ মাজত এগৰাকী নেকি বুলি এটা প্ৰশ্ন ঠেলি দিয়ে দৰ্শকলৈ ৷

সোমবাৰে, পাঞ্জাৱী হিট গীত গাব্ৰু নতুন সংস্কৰণ ৰূপত নিৰ্মাণ কৰা হৈছে শুভ মংগল জ্যাদা সাৱধানৰ এই বিশেষ গীতটো ৷ গীতটোত ছবিখনৰ মুখ্য অভিনেতা আয়ুষ্মান খুৰাণাই এক বিশেষ ভংগীমাৰে জিতেন্দ্ৰ কুমাৰৰ সৈতে নৃত্য পৰিৱেশন কৰিছে ৷ কেৱল নৃত্য পৰিৱেশন কৰাই নহয় সমকামী পুৰুষৰ প্ৰেমৰ এক সুন্দৰ অনুভৱ দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ ইজনে আনজনক গীতটিত চুম্বন কৰা ধৰণৰ দৃশ্যও পৰিলক্ষিত হৈছে ৷ এনেধৰণৰ ব্যতিক্ৰমী ধাৰাৰে এক নতুন দিগন্তৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে ছবি নিৰ্মাতাসকলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখন পৰিচালনা কৰিছে, হিতেশ কেৱলায়া আৰু নিৰ্দেশনা কৰিছে ভূষণ কুমাৰে ৷ ছবিখনত আয়ুষ্মান খুৰাণা, জিতেন্দ্ৰ কুমাৰৰ উপৰিও অভিনয় কৰিছে নীনা গুপ্তা, মানুৰ্ষি চদ্দা, গজৰাজ ৰাওৰ দৰে প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে ৷ এটা শক্তিশালী বাৰ্তাৰ সৈতে এই ৰোমান্টিকধৰ্মী কমেডী ছবিখন ছবিগৃহলৈ আহিব এই বৰ্ষৰে 21 ফেব্ৰুৱাৰী তাৰিখে ৷

লগতে পঢ়কঃগোৱাত নিষিদ্ধ চলমানখান

Intro:Body:

ayushman starrer gabru song mints ten million views

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.