চিটাৰা ডেস্ক,24 অক্টোবৰ : বলিউডৰ মাল্টি টেলেণ্টেড অভিনেতা আয়ুষ্মান খুৰাণাই তেওঁৰ আহিবলগীয়া ছবিৰ বাবে নিজ গৃহ চহৰ চণ্ডীগড়ত শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিছে ৷ নিজৰ জন্ম ঠাইত কাম কৰিবলৈ পাই উৎসুক হৈ পৰিছে আয়ুষ্মান ৷ এই সময়ছোৱা তেওঁৰ বাবে এক ‘বিশেষ সময়’ বুলি মনৰ ভাৱ প্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
তেওঁ প্ৰথমবাৰৰ বাবে চণ্ডীগড়ত শ্বুটিং কৰিবলৈ সুযোগ পাইছে ৷ এই অভিজ্ঞতাৰ প্ৰতিটো ছেকেণ্ড অনুভৱ কৰাৰ কথা ব্যক্ত কৰিছে আয়ুষ্মানে ৷ লগতে তেওঁ কয় যে, ‘‘চণ্ডীগড় এখন এনেকুৱা চহৰ,যিখন চহৰে মোক অভিনেতা হোৱাৰ বাবে থকা অনুৰাগৰ পাচত দৌৰিবলৈ পাখি মেলি দিছিল ৷ অভিনেতা হোৱাৰ পাচতো চহৰখনে মোক বহুত মৰম দিয়ে ৷ মই মোৰ গৃহ চহৰৰ সেইসকল লোকৰ প্ৰতি কৃতজ্ঞ, যিসকলে মোক প্ৰতিটো খোজতে সমৰ্থন কৰি আহিছে ৷ চণ্ডীগড়বাসী মোৰ বাবে সদায় মোৰ সমৰ্থক’’ ৷
উল্লেখ্য যে, চণ্ডীগড়ত শ্বুটিং কৰা অভিষেক কাপুৰৰ ‘Chandigarh Kare Aashiqui’ ছবিখনত আয়ুষ্মানৰ বিপৰীতে মুখ্য় নায়িকাৰ চৰিত্ৰত আছে অভিনেত্ৰী বাণী কাপুৰ ৷
লগতে পঢ়ক : অৰ্জুনৰ শুভেচ্ছা বাৰ্তাত মালাইকাৰ মৰমৰ ৰিয়েক্ট