ETV Bharat / sitara

লতা মংগেশকাৰৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰি উৎফুল্লিত আয়ুষ্মান খুৰাণা

author img

By

Published : Feb 29, 2020, 7:53 PM IST

2018ৰ হিট ছবি আন্ধাধুনত আয়ুষ্মান খুৰাণাৰ দুৰ্দান্ত প্ৰদৰ্শনক প্ৰশংসা কৰে মহান গায়িকা লতা মংগেশকাৰে ৷ অভিনেতাগৰাকীয়ে তেওঁৰ এই প্ৰশংসাৰ প্ৰত্যুত্তৰত কৃতজ্ঞতাভৰা টুইট কৰে ৷

Ayushmann expresses gratitude upon receiving Lata's blessings
লতা মংগেশকাৰৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰি উৎফুল্লিত আয়ুষ্মান খুৰাণা

চিটাৰা ডেস্ক,29 ফেব্ৰুৱাৰীঃ হিট মেচিন খ্যাত আয়ুষ্মান খুৰাণাৰ সদ্যমুক্তি প্ৰাপ্ত ছবি শুভ মংগল জ্যাদা সাৱধানে বক্স অফিচত যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ অভিনেতাগৰাকীক ছবি আন্ধাধুনত কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰশংসা কৰে প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰে ৷ এই প্ৰশংসাৰ বাবে টুইটযোগে কৃতজ্ঞতা স্বীকাৰ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷

  • Lata di aapka yeh kehna mere liye bahut maayne rakhta hai. Aapke is protsaahan ke liye hee shayad maine mehnat ki thi. Aashirwaad ke liye shukriya. 🙏🙏 https://t.co/TZnhEpMVsI

    — Ayushmann Khurrana (@ayushmannk) February 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শুকুৰবাৰৰ দিনা লতা মংগেশকাৰে টুইট যোগে 2018ৰ হিট ছবি আন্ধাধুনত আয়ুষ্মান খুৰাণাই কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰশংসা কৰে ৷ কুকিলকন্ঠী গায়িকা লতা মংগেশকাৰে কয়, তেওঁ আয়ুষ্মান খুৰাণাৰ আন্ধাধুন চাইছে আৰু চাই অনুভৱ কৰিছে যে, আয়ুষ্মান খুৰাণাই অভিনয় আৰু গীতৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰিছে ৷ তেওঁৰ কামৰ বাবে তেওঁক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতৰ বাবে শুভকামনা প্ৰদান কৰে ৷ ইফালে এই শুভকামনা পোৱাৰ পিছত অভিনেতাগৰাকীয়ে কৃতজ্ঞতা স্বীকাৰ কৰে টুইটযোগে ৷

লগতে পঢ়কঃথাপ্পৰ ছবিৰ প্ৰথম দিনৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.