চিটাৰা ডেস্ক,6 জানুৱাৰী : 54 বছৰত ভৰি দিলে প্ৰখ্যাত সংগীত পৰিচালক তথা বিশিষ্ট কণ্ঠশিল্পী এ.আৰ. ৰহমানে ৷ ৰহমানৰ জন্মদিন উপলক্ষে চ’ছিয়েল মিডিয়া ভৰি পৰিছে অনুৰাগীৰ অলেখ শুভকামনাৰে ৷
মনোৰম সংগীতেৰে বিশ্ববাসীক মনোৰঞ্জন কৰা বিখ্যাত সংগীতকাৰৰ নাম মনলৈ আহিলেই আমি এ.আৰ. ৰহমানৰ নাম প্ৰথমতেই ল’ব লাগিব ৷ বলিউডৰ লগতে তামিল, তেলেগু আদি ছবিতো নিজৰ সংগীতৰ যাদু বিয়পাইছে কণ্ঠশিল্পী গৰাকীয়ে ৷
এখন সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰহমান ৰিতৃ শেখৰ আছিল তামিল আৰু মালায়ালম ছবিৰ সংগীতকাৰ ৷ শৈশৱৰ পৰাই বাদ্যযন্ত্ৰ বজোৱাত আগ্ৰহী আছিল ৰহমান ৷ সেয়েহে পিতৃৰ পৰাই সংগীতৰ জগতৰ বহু কথা শিকিবলৈ পাইছিল ৰহমানে ৷ পিতৃৰ মৃত্যুৰ পাচতো ৰহমানে সংগীতৰ প্ৰতি থকা সাধনা এৰি দিয়া নাছিল ৷
এ.আৰ. ৰহমানৰ সংগীতৰ প্ৰতি থকা আগ্ৰহে তেওঁক কেৰিয়াৰৰ সঠিক পথ দেখুৱায় ৷ তেওঁ বিখ্যাত সংগীতজ্ঞ এম এচ ভিশ্বনাথন আৰু ইলায়াৰাজাৰ দলত কাম কৰিছিল। তেওঁ লণ্ডন মিউজিকেল কলেজত আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা লাভ কৰিছিল ৷
1992 চনত পৰিচালক মানি ৰত্নামৰ ছবি ‘ৰোজা’ৰ দ্বাৰা ৰহমানে প্ৰথমবাৰৰ বাবে সংগীত পৰিচালকৰ পৰিচয় লাভ কৰিছিল ৷ এই ছবিখনত ৰহমানৰ অপৰিসীম সংগীতে বিশাল প্ৰশংসা লাভ কৰে আৰু তেওঁ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হয় । স্বপ্নৰ প্ৰথম প্ৰদৰ্শনৰ পাচত এ. আৰ. ৰহমানে অধিক সুযোগ লাভ কৰে আৰু এজন শিল্পী হিচাপে তেওঁৰ স্থান বিকশিত হয় ৷
2008 চনত 'Slumdog Millionaires' ছবিখনৰ বাবে ৰহমানৰ সংগীতে তেওঁক বিশ্বৰ চলচ্চিত্ৰ উদ্যোগৰ সৰ্বোচ্চ বঁটা অস্কাৰ বঁটা লাভ কৰে । ইয়াৰোপৰি ছবিখনৰ বাবে তেওঁ 6 বাৰকৈ ৰাষ্ট্ৰীয় বঁটা, গল্ডেন গ্ল’ব আৰু বাফ্টাৰ দৰে অন্যান্য শীৰ্ষ বঁটা লাভ কৰিছে ।
পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাই ভালপোৱা ৰহমানে বিগত বৰ্ষৰ শেষৰফালে তেওঁৰ মাতৃক হেৰুৱায় ৷ বৰ্তমানলৈকে ৰহমানে 145 খনতকৈও অধিক ছবিত সংগীত ব্যৱস্থাপনা আৰু পৰিচালনা কৰিছে এ.আৰ. ৰহমানে ৷ জয় হো, তেৰে বিনা, তাল, কুন ফায়া কুন আদিৰ দৰে জনপ্ৰিয়তাৰ শিখৰ লাভ কৰা গানত নিজৰ প্ৰতিভাৰ যাদু সিঁচৰিত কৰিছে কণ্ঠশিল্পী গৰাকীয়ে ৷
ৰহমানৰ সংগীতৰ জয়যাত্ৰাত বিশ্ববাসীক যাতে এনেকৈয়ে তেওঁ সংগীতৰ উপহাৰ প্ৰদান কৰে ৷ তেওঁৰ এই শুভদিনটোত ইটিভি ভাৰত চিটাৰাৰ পৰা তেওঁলৈ অলেখ শুভকামনা ৷
লগতে পঢ়ক : বৈবাহিক সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছে কিম কাৰ্দছিয়ান-কন্যে ৱেষ্টে