চিটাৰা ডেস্ক,3 মে'ঃ চুপাৰষ্টাৰ আমিৰ খান আৰু পত্নী কিৰণ ৰাও আৰু কন্যা ইৰা খানে সুন্দৰকৈ সাজি কাচি ঘৰতে উপভোগ কৰিলে "মিচেজ ছিৰিয়েল কিলাৰ" ছবিৰ প্ৰিমিয়াৰ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
আমিৰ খানৰ ভতিজী জায়ন মেৰীৰ প্ৰথমখন ডিজিটেল ছবি " মিচেজ ছিৰিয়েল কিলাৰ " চাবলৈ এনেদৰে একেলগে বহিল আমিৰ খানৰ পৰিয়াল ৷ আমিৰ খানৰ সম্বন্ধীয় ভায়েক মঞ্চুৰ খানৰ কন্যা জায়ন মেৰী ৷ মঞ্চুৰ খানে কয়ামত চে কয়ামত তক , জৌছ, অকেলে হম অকেলে তুমৰ দৰে বহুকেইখন ছবিৰ নিৰ্দেশনা কৰিছিল ৷
সপৰিয়ালে একেলগে বহি ছবি উপভোগ কৰা ফটোখন ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰে আমিৰ খানৰ কন্যা ইৰা খানে ৷
উল্লেখ্য যে, 1 মে'ত মুক্তি লাভ কৰিলে ফাৰাহ খানৰ দ্বাৰা নিৰ্মিত আৰু তেওঁৰ স্বামী শিৰীষ কুন্দৰ দ্বাৰা নিৰ্দেশিত ছবি মিচেজ ছিৰিয়েল কিলাৰে ৷ ছবিখনৰ জৰিয়তে ছবিজগতত পদাৰ্পণ কৰিছে মঞ্চুৰ খানৰ কন্যা জায়ন মেৰীয়ে ৷ এই ছবিখনত জায়ন মেৰীৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰণাণ্ডেজে ৷