নিউজ ডেস্ক, ১৭ জুনঃ বলিউড ছবি নিৰ্মাতা অভিষেক কাপুৰ আৰু তেখেতৰ পত্নী প্ৰজ্ঞা কাপুৰে সদ্য প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ স্মৃতিত গ্ৰহণ কৰে বিশেষ পদক্ষেপ । ৰাজপুতৰ স্মৃতিত তথা অভিনেতা গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে ৩৪০০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰিব বুলি সদিৰ কৰে ছবি নিৰ্মাতা গৰাকীয়ে । দ্য আৰ্থ নামৰ এটি বেচৰকাৰী সংস্থাৰ জৰিয়তে এই খাদ্য যোগান ধৰা হ'ব বুলি উল্লেখ কৰে ।
প্ৰজ্ঞা কাপুৰে কয় য়ে, এইটো অভিনেতা গৰাকীৰ শিল্পৰ প্ৰতি সন্মান কৰাৰ এটি প্ৰক্ৰিয়া । তেখেতে যি কৰিছে তথা যি লাভ কৰিছে তাৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যৰে এই পদক্ষেপ হাতত লৈছো বুলি উল্লেখ কৰে ।
উল্লেখ্য যে, বিগত ১৪ জুনত আত্মহত্যা কৰা অভিনেতা সুশান্ত সিং ৰাজপুতে ছবি নিৰ্মাতা অভিষেক কাপুৰৰ "কাই পো ছে"(২০১৩) ৰে বলিউড প্ৰথম খোজ পেলাই । তাৰ পাচতে ২০১৮ চনত মুক্তি লাভ কৰা "কেদাৰনাথ" ছবিখনতো সুশান্ত আৰু অভিষেকে একেলগত কাম কৰা প্ৰত্যক্ষ কৰা হৈছিল ।