ETV Bharat / sitara

ব্লকবাষ্টাৰ ছবি Chennai Express ৰ 8 বছৰীয়া যাত্ৰা... - শ্বাহৰুখ খান

শ্বাহৰুখ খান (Shah Rukh Khan) আৰু দীপিকা পাডুকন (Deepika Padukone) অভিনীত ব্লকবাষ্টাৰ ছবি চেন্নাই এক্সপ্ৰেছে (Chennai Express) সম্পূৰ্ণ কৰিলে 8 টা বছৰ ৷ ৰোহিত শেট্টীৰ (Rohit Shetty) পৰিচালনাত নিৰ্মাণ হোৱা ছবিখনে বক্স অফিচ (Box Office)ত 100 কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷

chennai express completed 8 years
চেন্নাই এক্সপ্ৰেছৰ 8 বছৰ
author img

By

Published : Aug 8, 2021, 7:36 AM IST

চিটাৰা ডেস্ক, 8 আগষ্ট : দেওবাৰে 8 টা বছৰ সম্পূৰ্ণ কৰিলে শ্বাহৰুখ খান (Shah Rukh Khan) আৰু দীপিকা পাডুকন (Deepika Padukone) অভিনীত ব্লকবাষ্টাৰ ছবি চেন্নাই এক্সপ্ৰেছে (Chennai Express) ৷ 2013 চনৰ আজিৰ দিনটোতে মুক্তি লাভ কৰিছিল এই ব্লকবাষ্টাৰ কমেডী ছবিখন ৷ ছবি নিৰ্মাতা ৰোহিত শেট্টীৰ (Rohit Shetty) পৰিচালনাত নিৰ্মাণ হোৱা চেন্নাই এক্সপ্ৰেছে বক্স অফিচ (Box Office)ত ঢৌ তুলি আৰম্ভণিৰ দিনটোতে 30 কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

chennai express completed 8 years
চেন্নাই এক্সপ্ৰেছৰ 8 বছৰ

ছবিখনত যেতিয়াই ‘মীনাম্মা’ (Meenamma) শব্দটো চৰ্চালৈ আহে, তেতিয়াই দীপিকা পাডুকনৰ কথা মনলৈ আহে ৷ ছবিখনত দীপিকাই ৰূপায়ণ কৰা মীনাম্মা চৰিত্ৰই দৰ্শকৰ মনত এক বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ৷ দীপিকাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে কমেডী-আবেগিক চৰিত্ৰ আছিল, যিয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছিল ৷

chennai express completed 8 years
চেন্নাই এক্সপ্ৰেছৰ 8 বছৰ

ছবিখনৰ মীনাম্মা চৰিত্ৰটোৱে দীপিকাক বি-টাউন (B-Town)ৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰে ৷ দীপিকাৰ সংলাপ ‘থাংগাবালি’ হওক বা ‘বক্ৱাছ ডিক্সনেৰী’য়েই হওক, এই সংলাপ কেইটাই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । দৰ্শকে দীপিকাৰ এই সংলাপবোৰ আজিও অনুসকৰণ কৰা দেখা যায় ৷

আনহাতে, শ্বাহৰুখ খানে ৰূপায়ন কৰা ‘ৰাহুল’ ৰ চৰিত্ৰটোও কমেডী-আবেগিক চৰিত্ৰ আছিল ৷ কেনেদৰে এজন উত্তৰ ভাৰতৰ যুৱকে দক্ষিণৰ যুৱতীৰ সৈতে চিনাকি হৈ প্ৰেমৰ সম্পৰ্কত বান্ধ খায়, তেওঁলোকৰ জীৱনৰ ঘাত-প্ৰতিঘাত, ভাষাৰ সংমিশ্ৰণ আদি সকলোখিনি ছবিখনত সুন্দৰকৈ দেখুওৱা হৈছে ৷

chennai express completed 8 years
চেন্নাই এক্সপ্ৰেছৰ 8 বছৰ

গীতৰ ফালৰ পৰা ক’বলৈ গ’লে ছবিখনৰ ‘তিতলী’, ‘কাশ্মীৰ তু কন্যাকুমাৰী’, ‘লুংগী ডেন্স’কে ধৰি আটাইকেইটা গীতে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ৷ ইটিভি ভাৰত (ETV Bharat) চিটাৰাৰ ফালৰ পৰা চেন্নাই এক্সপ্ৰেছৰ সমূহ কলা-কুশলীলৈ থাকিল অলেখ অভিনন্দন ৷

লগতে পঢ়ক : অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.