ETV Bharat / science-and-technology

Twitter: আইফোনত নহয় লেপটপত ব্যৱহাৰ কৰক টুইটাৰ, ৰাহি হ'ব টকা - আইফোন ব্যৱহাৰকাৰী

মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰে অতি শীঘ্ৰে এপল আইফোন ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলক দিবলৈ গৈ আছে আন এক ডাঙৰ আঘাত । কোৱা হৈছে যে, কোম্পানীটোৱে টুইটাৰ ব্লু চাবস্ক্ৰিপচনৰ মূল্য সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

Use Twitter on Laptop not on iPhone save so much money
আইফোনত নহয় লেপটপত ব্যৱহাৰ কৰক টুইটাৰ, ৰাহি হ'ব ইমান টকা
author img

By

Published : Dec 8, 2022, 3:41 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ: মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰে অতি শীঘ্ৰে এপল আইফোন ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলক দিবলৈ গৈ আছে আন এক ডাঙৰ আঘাত । কোৱা হৈছে যে, কোম্পানীটোৱে টুইটাৰ ব্লু চাবস্ক্ৰিপচনৰ মূল্য সলনি কৰাৰ পৰিকল্পনা কৰিছে ।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, আইফোন ব্যৱহাৰকাৰীৰ বাবে টুইটাৰ ব্লুৰ চাবস্ক্ৰিপচনৰ মূল্য অৰিজিনেল মূল্যতকৈ বহু বেছি হ’ব পাৰে । একে সময়তে ৱেব সংস্কৰণৰ বাবেও মূল্য কৰ্তন দেখা যায় । দেখা গৈছে যে, কিছুদিন পূৰ্বে টুইটাৰৰ নতুন মালিক ইলন মাস্ক আৰু এপলৰ চিইঅ’ টিম কুকৰ মাজত হোৱা সাক্ষাৎকাৰৰ ফলত এপলৰ ব্যৱহাৰকাৰীসকলে ব্লু চাবস্ক্ৰিপচনৰ(Blue Subscription) বাবে অধিক মূল্য দিবলগীয়া হ’ব পাৰে ।

Twitter Blue iPhone: ইমান দাম দিব লাগিব পাৰে

শেহতীয়াকৈ ওলোৱা এটা নতুন প্ৰতিবেদনে ইংগিত দিছে যে iOS অৰ্থাৎ এপল আইফোন ব্যৱহাৰকাৰীয়ে টুইটাৰ ব্লু চাবস্ক্ৰিপচনৰ বাবে প্ৰতিমাহে ১১ ডলাৰ (প্ৰায় ৯০৫ টকা) দিব লাগিব ।

আনহাতে, এতিয়া ব্লু টিক সেৱাৰ বাবে ৭.৯৯ ডলাৰ (প্ৰায় ৬৫৭ টকা) চাৰ্জ নিৰ্ধাৰণ কৰা হৈছে । সহজ ভাষাত বুজাই দিয়ক, যদি আপুনি এজন এপল আইফোন ব্যৱহাৰকাৰী আৰু টুইটাৰ ব্লু সেৱা বিচাৰে, তেন্তে আপুনি ১১ ডলাৰ অৰ্থাৎ প্ৰায় ২৪৮ টকা অধিক খৰচ কৰিব লাগিব ।

মূল্যবৃদ্ধিৰ আঁৰৰ কাৰণ: প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, নতুন মূল্যত এপলৰ ৩০ শতাংশ শ্বেয়াৰো অন্তৰ্ভুক্ত কৰা হৈছে, যিটো পূৰ্বে টুইটাৰৰ পকেটৰ পৰা ওলাই আহিছিল । টুইটাৰ ব্লুৰ পুনৰ মুকলিৰ লগে লগে টুইটাৰে এপল ব্যৱহাৰকাৰীৰ বাবে এই নতুন মূল্য কাৰ্যকৰী কৰিব পাৰিব । ইলন মাস্ক আৰু টিম কুকৰ মাজত হোৱা বৈঠকত কি হৈছিল সেয়া জনা নাযায় যদিও কোৱা হৈছে যে মাস্ক আৰু টিম কুক কমিছন ভাগ-বতৰা কৰাৰ বিষয়টো সম্ভৱতঃ আলোচনা কৰিছে ।

টুইটাৰ ব্লু ৱেবৰ মূল্য: এফালে য’ত এপল ব্যৱহাৰকাৰীৰ বাবে মূল্য বৃদ্ধিৰ খবৰ আহিছে, আনফালে কোৱা হৈছে যে ৭.৯৯ ডলাৰ (প্ৰায় ৬৫৭ টকা)ৰ পৰিৱৰ্তে ৱেবছাইটৰ জৰিয়তে ব্লু টিক চাবস্ক্ৰিপচন লোৱাৰ চাৰ্জ হ’ব $৭ ( প্ৰায় ৫৭৬)। অৰ্থাৎ লেপটপৰ জৰিয়তে ৱেব সংস্কৰণত ব্লু টিক লোৱাৰ বাবে চাৰ্জ কম হ’ব ।

লগতে পঢ়ক: Japanese billionaire will enter space: মহাকাশত প্ৰৱেশৰ দিশে এইগৰাকী জাপানী কোটিপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.