ETV Bharat / science-and-technology

Russia Ukraine war: ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞাই আই এচ এছৰ অভিযানত প্ৰভাৱিত নকৰে: নাচা - নাছাৰ মুখপাত্ৰ য'শোৱা ফিঞ্চ

বিশ্বজুৰি চৰ্চিত এতিয়া ৰাছিয়া ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষ (Russia Ukraine war) ৷ ইয়াৰ মাজতে আহিছে এক সু-খবৰ ৷ ৰাছিয়া ইউক্ৰেইনৰ এই সামৰিক অভিযানে ৰাছিয়া আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা মহাকাশ বিজ্ঞান সম্পৰ্কীয় গৱেষণা আৰু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ কাম কাজত নপৰে কোনো প্ৰভাৱ । এই কথা এক বিবৃতিযোগে প্ৰকাশ কৰিছে নাছাৰ মুখপাত্ৰ য'শোৱা ফিঞ্চে ৷

Russia Ukraine war
বিশ্বজুৰি চৰ্চিত এতিয়া ৰাছিয়া ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষ
author img

By

Published : Feb 25, 2022, 7:01 PM IST

নেশ্যনেল ডেস্ক, 25 ফ্ৰেব্ৰুৱাৰী : ইউক্ৰেইনৰ ওপৰত চলি থকা ৰাছিয়াৰ সামৰিক অভিযান বিভিন্ন মহলত যথেষ্ট সমালোচিত হৈছে যদিও এই সামৰিক অভিযানে ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ দীৰ্ঘদিন ধৰি চলি থকা মহাকাশ বিজ্ঞান সম্পৰ্কীয় গৱেষণা আৰু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ কাম কাজত প্ৰভাৱিত নকৰে (Sanctions on russia would not affect ISS operations says NASA) ।

আমেৰিকাস্থিত নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (NASA)ৰ মতে, মহাকাশত গৱেষনাৰ ক্ষেত্ৰত আমেৰিকা আৰু ৰাচিয়াৰ মাজত অসামৰিক সহযোগিতা, বিশেষকৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএচ)ৰ সন্দৰ্ভত যি সহযোগিতা আছে, তাক এই যুদ্ধই প্ৰভাৱিত নকৰে ।

এই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ বা আইএছএচ আমেৰিকাস্থিত নাছা আৰু ৰাচিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ কৰ্পোৰেচন, ৰছকছমছ (Roscosmos) ৰ দ্বাৰা যুটীয়াভাৱে পৰিচালিত হয় । এই ঘূৰ্নীয়মান মহাকাশ পৰীক্ষাগাৰত (orbiting space lab) ত বৰ্তমান দুজন ৰাছিয়ান মহাকাশচাৰী, এজন ইউৰোপীয় মহাকাশচাৰী আৰু চাৰিজন আমেৰিকান মহাকাশচাৰী আছে ।

"নাছাই বৰ্তমান আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত চলি থকা সকলো অভিযানৰ ওপৰত সুৰক্ষিতভাৱে সকলো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে কাম কৰি আছে ৷ যাৰ ভিতৰত আছে ৰাছিয়াৰ ষ্টেট স্পেচ কৰ্পোৰেচন বা ৰছকছমছ,"নাছাৰ মুখপাত্ৰ য'শোৱা ফিঞ্চে ইমেইলযোগে এক বিবৃতিত কয় ।

আমেৰিকান চৰকাৰে নিৰ্ধাৰন কৰা নতুন নিয়ন্ত্ৰণ ব্যৱস্থাই আমেৰিকা-ৰাছিয়া অসামৰিক মহাকাশ সহযোগিতাৰ অব্যাহত ৰাখিব । কক্ষপথ আৰু গ্ৰাউণ্ড ষ্টেচনৰ কাম-কাজ চলি থকাৰ বাবে সংস্থাটোৰ সমৰ্থনত কোনো পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হোৱা নাই । ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাচতেই এক ৰাজহুৱা টেলিভিছন বিবৃতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞাৰ কথা জনাইছিল ।

বাইডেনে ৰাছিয়াৰ উচ্চ-প্ৰযুক্তিৰ আমদানি আধাতকৈও অধিক কৰ্তন কৰাৰ কথা কৈছিল ৷ যিয়ে ৰাছিয়াৰ সামৰিক আধুনিকীকৰণত আঘাত কৰিব । এই নতুন নিষেধাজ্ঞাই ৰাছিয়াৰ মহাকাশ উদ্যোগকো অৱনমিত কৰিব । বাইডেনৰ বিবৃতি পাচতেই ৰছকছমছৰ সঞ্চালক দিমিত্ৰী ৰোগোজিনে এক টুইটৰ জৰিয়তে সন্দেহ ব্যক্ত কৰিছিল যে, আমেৰিকাৰ এই নতুন নিষেধাজ্ঞাই দুয়োখন দেশৰ মহাকাশ সহযেগিতাক প্ৰভাবিত কৰিব পাৰে ।

লগতে পঢ়ক : Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.