ETV Bharat / science-and-technology

Google Doodle Pani Puri: গুগলে ফুচকাৰ ওপৰত তৈয়াৰ কৰিলে ডুডল, দেখিলেই জিভাৰ পানী পৰিব আপোনাৰ

author img

By

Published : Jul 12, 2023, 10:22 AM IST

Updated : Jul 12, 2023, 10:34 AM IST

আজি ভাৰতৰ এটা জনপ্ৰিয় ষ্ট্ৰীট ফুড গুগলৰ ডুডলত দেখা গৈছে । এই জনপ্ৰিয় ষ্ট্ৰীট খাদ্যবিধেই হৈছে পানীপুৰি বা ফুচকা ৷ কেৱল ইয়াৰ ছবিয়েই নহয় । গুগলে নিজৰ ডুডলৰ জৰিয়তে পানীপুৰী গেম খেলাৰো সুযোগ দিছে । সবিশেষ পঢ়ক...

Google Doodle Today Celebrating Pani Puri Game Know How To Play
গুগলে ফুচকাৰ ওপৰত তৈয়াৰ কৰিলে ডুডল, দেখিলেই জিভাৰ পানী পৰিব আপোনাৰ

নিউজ ডেস্ক, 12 জুলাই: ফুচকাৰ নাম শুনিলেই নিশ্চয় সকলোৰে মুখেৰে পানী ওলায় । ফুচকা হৈ ভাৰতৰ এবিধ জনপ্ৰিয় ষ্ট্ৰীট ফুড, যিয়ে প্ৰতিখন চহৰতে বিভিন্ন নামেৰে মানুহৰ জিভাৰ সোৱাদ বৃদ্ধিৰ কাম কৰে । ফুচকাক, বিভিন্ন ঠাইত ফুচকা, পুচকা, গুপচুপ, পানী কে পতাশে, ৱাটাৰ বলছ আৰু পানীপুৰী নামেৰে জনা যায় ।

এতিয়া আপুনি নিশ্চয় ভাবিছে যে আমি কিয় ফুচকাৰ কথা কৈছো । দৰাচলতে আমি ফুচকাৰ কথা কোৱা নাই, কিন্তু আজি গুগলে ইয়াৰ ডুডলৰ জৰিয়তে কৰি আছে । আজি গুগলে ফুচকা খাই ভালপোৱাসকলৰ বাবে ডুডলৰ জৰিয়তে পানী পুৰি গেম খেলাৰ সুযোগ দিছে ।

কি হয় পানীপুৰি ?

পানীপুৰিৰ বিষয়ে তথ্য দি গুগলে ইয়াক সোৱাদযুক্ত পানীৰে ভৰা খৰখৰীয়া বল বুলি অভিহিত কৰিছে, যাৰ ভিতৰত আলু, বুট, মছলা, জলকীয়া, ধনিয়া-পদিনাৰ চাটনি ভৰাই তৈয়াৰ কৰা হয় । ইয়াৰ উপৰিও গুগলে পানী পুৰিৰ বিভিন্ন সোৱাদৰ কথাও উল্লেখ কৰিছে ।

কোনখন ৰেষ্টুৰেণ্টে ফুচকাৰ বাবে বিশ্ব অভিলেখ গঢ়িছে ?

গুগলে ফুচকাৰ অৰ্থাৎ পানীপুৰিৰ বিশ্ব অভিলেখৰ বিষয়েও তথ্য দিছে । গুগলৰ তথ্য অনুসৰি ২০১৫ চনত মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত এখন ৰেষ্টুৰেণ্টে ফুচকাৰ বিভিন্ন সোৱাদযুক্ত পানীৰ বাবে বিশ্ব অভিলেখ লাভ কৰিছে । পানীপুৰী পৰিবেশন কৰাৰ সময়ত ইন্দোৰস্থিত ৰেষ্টুৰেণ্টখনে নিজৰ সোৱাদযুক্ত পানীৰ ৫১টা বিকল্প ৰাখিছিল ।

গুগল ডুডলত পানীপুৰী গেম কেনেকৈ খেলিব

যদি আপুনিও গুগল ডুডলত পানীপুৰী গেম খেলিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি এটা টাইমাৰৰ সৈতে দ্ৰুতগতিত কাম কৰিব লাগিব । খেলত আপুনি ফুচকা বিক্ৰেতাক সহায় কৰিব লাগিব । তেওঁলোকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন গ্ৰাহকক ফুচকাৰ পৰিবেশন কৰিব লাগে । ফুচকা পৰিবেশন কৰিবলৈ পৰ্দাত দেখুওৱা সোৱাদযুক্ত পানী তলত দিয়া বিকল্পৰ পৰা বাছি ল’ব লাগে । এই মেচখন শুদ্ধ হ’লেহে খেলখন দীৰ্ঘসময়লৈকে খেলিব পাৰিব ।

লগতে পঢ়ক: ChatGPT For Exam Monitoring: ChatGPTৰে নকল কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত অব্যাহত আছে তদন্ত, জানি লওক কেনেকৈ ধৰা পৰিব এনে ছাত্ৰ-ছাত্ৰী

Last Updated : Jul 12, 2023, 10:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.