নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : কৰ'ণা ভাইৰাছে গৰ্ভৱতী মহিলাসকলৰ মনত সংশয়ৰ সৃষ্টি কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়ে অনুসৰি, গৰ্ভৱতী মহিলাৰ দেহত COVID 19 ৰ পেলাব পৰা প্ৰভাৱ সম্পৰ্কত গৱেষণা চলি আছে ৷ এই সম্পৰ্কত বৰ্তমানেও সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও COVID 19 য়ে গৰ্ভৱতী মহিলাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰো প্ৰমাণ লাভ কৰা নাই ৷
এই সম্পৰ্কে স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ ড৹ মিতাই কয়, "গৰ্ভৱতী হোৱাৰ ফলত এগৰাকী মহিলাৰ দেহত বিভিন্ন ধৰণৰ পৰিৱৰ্তন অহাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতাৰো পৰিৱৰ্তন ঘটে ৷ অন্য লোকৰ তুলনাত তেওঁলোকৰ যিকোনো ধৰণৰ ৰোগৰ সংক্ৰমণ সোনকালে হয় ৷"
তেওঁ লগতে কয়, "গৰ্ভৱতী মহিলা এই বিপদত পৰাৰ উদাহৰণ নাই, কিন্তু ইয়াক লৈ আমি নিশ্চিত নহয় ৷ ছোৱাইন ফ্লুৰ সময়ত গৰ্ভৱতী মহিলাসকল বিপদত পৰা পৰিলক্ষিত হৈছিল ৷ সেয়েহে এই সময়ছোৱাতো মই সকলো গৰ্ভৱতী মহিলাকে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিম, কিয়নো অন্য লোকৰ তুলনাত তেওঁলোক অধিক অসুৰক্ষিত হৈ থাকে ৷"
COVID 19 ত আক্ৰান্ত মহিলাৰ গৰ্ভৰ সন্তানো এই ৰোগত আক্ৰান্ত হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এই সম্পৰ্কত মন্তব্য কৰিবলৈ বৰ্তমানলৈকে আমাৰ হাতত অতি কম তথ্য যুগুত আছে ৷"
চীনৰ য়ুহানৰ পৰা লাভ কৰা তথ্য অনুসৰি, সন্তান জন্ম দিয়াৰ পাচত চাৰিগৰাকী মহিলাৰ এমনিয়টিক ফ্লুইড আৰু নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল ৷ কিন্তু, এই শিশুকেইটা COVID 19 ত আক্ৰান্ত হোৱা নাছিল ৷ ইয়াৰ পৰা এইকথা নিশ্চিত হৈছিল যে, মাতৃৰ গৰ্ভত সন্তান আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকিলেও জন্ম হোৱাৰ পাচত অন্য লোকৰ দৰেই শিশুটি আক্ৰান্ত হ'ব পাৰে ৷
এই সম্পৰ্কত মিতাই কিছু পৰামৰ্শ প্ৰদান কৰিছে :
*চিকিৎসকৰ ওচৰত সঘনে পৰীক্ষাৰ বাবে যোৱাটো ত্যাগ কৰা উচিত ৷ ফোন অথবা ফিডিঅ' কলৰ জৰিয়তেও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
*9 সপ্তাহ, 12 সপ্তাহ আৰু 32 সপ্তাহত চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাওঁক ৷
*আপুনি যদি COVID 19 ত আক্ৰান্ত হোৱাৰ পাচতো গৰ্ভধাৰণ কৰিব বিচাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক ৷
*প্ৰয়োজন নহ'লে চিকিৎসালয় যাব নালাগে ৷
*32 সপ্তাহৰ পাচতো ঘৰতে থকা উচিত আৰু 15 দিনৰ মূৰে মূৰে এবাৰকৈ চিকিৎসকৰ সৈতে কথা-বতৰা পতা উচিত ৷
চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলা উচিত -
-মাস্ক পৰিধান
-গ্ল'ভছ প্ৰয়োজনীয় নহয়
-ছেনিটাইজাৰ অথবা চাবোনেৰে হাত পৰিস্কাৰ কৰা উচিত
-দোৱাৰ, ৰেলিং আদি স্পৰ্শ নকৰা
-চকু, নাক, মুখ স্পৰ্শ নকৰা
শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য়ৰ ওপৰতো এগৰাকী মাতৃয়ে সমানে গুৰুত্ব আৰোপ কৰা উচিত ৷ ইয়াৰ বাবে সকাৰাত্মক চিন্তা-ধাৰাৰে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসক সকলে ৷ ইয়াৰোপৰি ক্ৰমাগতভাৱে COVID 19 ৰ বাতৰি সংগ্ৰহ কৰাতকৈ অন্য কামতো মহিলাসকলে নিজকে ব্যস্ত ৰখা উচিত ৷ গান শুনা আৰু আপোন মানুহৰ সৈতে কথা পাতিও মহিলাসকলে সময় অতিবাহিত কৰা উচিত ৷
কিন্তু, প্ৰতিটো সময়তে মনত ৰাখিব লগা বিষয়টো হৈছে - সামাজিক দূৰত্ব ৷ ড0 মিতাই পুনৰ কয় যে, অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা ওলাই যোৱা অনুচিত ৷