বিশ্ব উচ্চৰক্তচাপ দিৱস ২০২১
আমাৰ শৰীৰত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেচাৰ (বি পি) বয়স বাঢ়ি অহাৰ লগে লগে এক প্ৰধান সমস্যা ৰূপে দেখা দিবলৈ ধৰে ৷ আনকি এই সমস্যাৰ ফলত আমাৰ শৰীৰত আন আন সমস্যাসমূহ যেনে ‘হাৰ্ট এটেক’, আনকি বৃক্ক সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷ অৱশ্যে পৃথিৱীৰ সৰহ সংখ্যক লোকেই “হাইপাৰ্টেনশ্বন” শব্দটোৰ সৈতে পৰিচিত যদিও এই সমস্যাটোৱে সৃষ্টি কৰা স্থিতি বা ইয়াক কেনেকৈ চিনাক্ত কৰিব পাৰি সেই সম্পৰ্কে তেওঁলোক সম্পূৰ্ণৰূপে জ্ঞাত নহয় ৷
সেয়ে এই সম্পৰ্কত সজাগতা সৃষ্টি কৰিবৰ বাবে প্ৰতি বছৰে ১৭ মে’ তাৰিখটোত “ৱৰ্ল্ড হাইপাৰ্টেনশ্বন লীগে” (ডব্লিউ এইচ এল) বিশ্ব উচ্চ ৰক্তচাপ দিৱস অনুষ্ঠিত কৰে ৷ এই দিনটোৰ বাবে নিৰ্ধাৰণ কৰা এই বৰ্ষৰ বিষয়টো হ’ল “আপোনাৰ ৰক্তচাপ সঠিকভাৱে জোখক, ইয়াক নিয়ন্ত্ৰণ কৰক, আৰু দীৰ্ঘায়ু লাভ কৰক ৷”
বিশ্ব স্বাস্থ্য সন্থাৰ তথ্য (২০১৯) অনুসৰি, অনুমান কৰা হৈছে যে সমগ্ৰ বিশ্বজুৰি প্ৰায় ১ কোটি ১৩ লাখ লোক উচ্চ ৰক্তচাপত ভূগি আছে ৷ ইয়াৰে দুই তৃতীয়াংশ লোকেই হৈছে নিম্ন আৰু মধ্য উপাৰ্জনকাৰী দেশৰ বাসিন্দা ৷
২০১৫ চনত প্ৰতি চাৰিজন পুৰুষৰ বিপৰীতে এজন পুৰুষ আৰু প্ৰতি পাঁচ গৰাকী মহিলাৰ বিপৰীতে এগৰাকী মহিলাৰ উচ্চৰক্তচাপ আছিল ৷ যিহেতু এই শাৰীৰিক স্থিতিটোৱে কোনো ধৰণৰ লক্ষণ প্ৰদৰ্শন নকৰে বা সংকেত নিদিয়ে সেয়ে বহু লোকে অনুমান কৰিব নোৱাৰে যে তেওঁলোকে উচ্চ ৰক্তচাপত ভূগি আছে ৷ এই কাৰণতেই ইয়াক নীৰৱ ঘাতক বুলিও কোৱা হয় ৷ সেইকাৰণেই ৰক্তচাপ নিয়মীত ৰূপত জুখিবলৈ পৰামৰ্শ দিয়া হয় ৷
উচ্চ ৰক্তচাপ কি ?
বিশ্ব স্বাস্থ্য সন্থাই বৰ্ণনা কৰা অনুসৰি “ৰক্তচাপ হ’ল শৰীৰৰ প্ৰধান ৰক্তবাহিকাসমূহ অৰ্থাৎ ধমনীসমূহৰ বেৰত, সঞ্চালিত হৈ থকা তেজে প্ৰয়োগ কৰা বল ৷ যেতিয়া ৰক্তচাপ অধিক হাৰত প্ৰয়োগ হয় তেনে স্থিতিক উচ্চ ৰক্তচাপ বুলি কোৱা হয় ৷
বজাৰত নানান ধৰণৰ ৰক্তচাপ জোখা যন্ত্ৰ পোৱা যায় ৷ এই যন্ত্ৰবোৰে দুই প্ৰকাৰৰ তথ্য অৰ্থাৎ ‘ৰিডিং’ দিয়ে ৷ তাৰে ‘ছিষ্ট’লিক’ হ’ল “যেতিয়া হৃদযন্ত্ৰ সংকুচিত হয় বা ঢপঢপাই তেতিয়া ৰক্তবাহিকাবোৰত সৃষ্ট হোৱা চাপ” আৰু আনটো হ’ল ‘ডায়েষ্ট’লিক’ “ঢপঢপনিৰ মাজত যেতিয়া হৃদযন্ত্ৰটোৱে জিৰণি লয় তেতিয়া সৃষ্টি হোৱা চাপ” ৷
ইয়াৰ উপৰিও ‘বিশ্ব স্বাস্থ্য সন্থাই’ কয় যে যেতিয়া দুটা ভিন্ন দিনত ৰক্তচাপ জোখাৰ পাচত দুয়োটা ‘ৰিডিঙতে ছিষ্ট’লিক ৰক্তচাপ ≥১৪০ mmHg আৰু ডায়েষ্ট’লিক ৰক্তচাপ ≥90 mmHg পোৱা যায় তেতিয়া উচ্চ ৰক্তচাপ হোৱা বুলি ধৰা হয় ৷ এবাৰ কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ হোৱা বুলি জানিব পাৰিলে কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন হ’ব সেই বিষয়ে জানিবৰ বাবে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে ৷
উচ্চ ৰক্তচাপৰ সৈতে কেনেকৈ মোকাবিলা কৰিব ?
হাইদৰাবদৰ ভি আই এন এন চিকিৎসালয়ৰ পৰামৰ্শদাতা চিকিৎসক তথা এম ডি (জেনেৰেল মেডিচিন) বিশেষজ্ঞ ডা° ৰাজেশ ভুক্কালাই উচ্চ ৰক্তচাপৰ সমস্যাটোৰ বিৰুদ্ধে যুঁজিবৰ বাবে কেইটামান উপায় বাখ্যা আগবঢ়াইছে,
১/ ৰুটিনঃ এখন সঠিক দৈনিক ৰুটিন মানি চলক ৷ সময়মতে শুবলৈ যাওক আৰু উঠাৰ অভ্যাস গঢ়ি তুলক ৷ সদায় একে সময়তে আহাৰ গ্ৰহণ কৰক, দৈনিক ব্যায়াম কৰক আৰু এটা সুস্থ জীৱন শৈলী যাপন কৰক ৷
২/ ন’ কেফেইনঃ কেফেইন কম পৰিমাণে গ্ৰহণ কৰক ৷ যিমান পাৰে সিমান এৰাই চলক ৷ কেফেইনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷ অৱশ্যে ই ব্যক্তি বিশেষে পৃথক পৃথকো হ’ব পাৰে ৷ কাৰণ প্ৰত্যেকৰে শৰীৰে কেফেইনৰ প্ৰতি একে ধৰণৰ প্ৰতিক্ৰিয়া নকৰে ৷
৩/ ন’ জাংকঃ ‘জাংক ফুড’ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৷ এই খাদ্যসমূহত অধিক মাত্ৰাত শৰ্কৰা, কেলৰি তথা পৰিশোধিত কাৰ্বহাইড্ৰেট মজুত থাকে আৰু এইবোৰেই উচ্চ ৰক্তচাপৰ কাৰক ৷ ইয়াৰ পৰিৱৰ্তে ঘৰতে ৰন্ধা স্বাস্থ্য সন্মত আহাৰ গ্ৰহণ কৰক ৷
৪/ ব্যায়ামঃ ধ্যান, যোগ সাধনা আৰু খোজ কঢ়াৰ দৰে ব্যায়ামবোৰ কৰিবলৈ ডা° ৰাজেশে পৰামৰ্শ দিছে ৷ আমাৰ মন মগজুক শান্ত কৰি হতাশা দূৰ কৰাৰ ক্ষেত্ৰত ধ্যানক আটাইতকৈ কাৰ্যকৰী উপায় বুলি গন্য কৰা হয় ৷ তদুপৰি ব্যায়ামেই হৈছে ৰক্তচাপ হ্ৰাস কৰা আৰু হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ উৎকৃষ্টতম উপায় ৷
৫/ ওজন নিয়ন্ত্ৰন কৰকঃ বডী মাছ ইণ্ডেক্স (বি এম আই) মানি চলক ৷ সাধাৰণতে ই ২৩(১ + বা–কৰি) হোৱা উচিত ৷ অত্যধিক ওজনে আমাৰ হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে আমি ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে ৷
৬/ ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস কৰকঃ আপুনি গ্ৰহণ কৰা ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস কৰক ৷ বিশেষকৈ যিবোৰ খাদ্যত ইয়াৰ প্ৰয়োজন নাথাকে যেনে ছালাদ, ফলমূল আদিত ছ’ডিয়াম ব্যৱহাৰ নকৰিব ৷ অত্যধিক নিমখে আমাৰ ৰক্তচাপৰ স্তৰত তাৰতম্য ঘটাব পাৰে ৷
৭/ ধুম্ৰপান আৰু মদ্যপান ত্যাগ কৰকঃ মদ্যপানৰ পৰিমাণ হ্ৰাস কৰক বা সম্পূৰ্ণ ৰূপে বাদ দিয়ক লগতে ধুম্ৰপানো পৰিহাৰ কৰক ৷
ডা° ভুক্কালাই কয়, “বিগত তিনিটা দশকত মানুহ অত্যধিক পৰিমাণৰ হতাশাৰ সন্মুখীন হ’ব লগা হৈছে ৷ সাধাৰণতে উচ্চ ৰক্তচাপ পঞ্চাশ উৰ্দ্ধৰ ব্যক্তিৰহে হয় বুলি আশা কৰিব পাৰি ৷ কিন্তু বৰ্তমান যুৱচামৰ মাজতো ইয়াক অধিক পৰিমাণে দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মূল কাৰণটোৱেই হ’ল হতাশগ্ৰস্থতা ৷ সেয়ে হতাশাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাক আমি জনাটো উচিত ৷ লগতে ইয়াৰ দ্বাৰা যাতে আমাৰ স্বাস্থ্যৰ ক্ষতি নহয় সেই বিষয়েও ধ্যান ৰাখিব লাগে ৷
ৰক্তচাপ পৰ্যবেক্ষণ কৰাৰ বিধান
ৰক্তচাপ সঠিককৈ জোখাৰ কেইটামান বিধান দিয়া হ’লঃ
- ৰক্তচাপ জোখাৰ সময়ত কথা নাপাতিব ৷
- আপোনাৰ হাতটো কুশ্বন নাইবা গাৰুৰ সহায়ত কোনো টেবুলত এনেকৈ ৰাখিব যাতে ই হৃদযন্ত্ৰৰ সমান্তৰাল হৈ পৰে ৷
- ‘কাফ’টো কাপোৰৰ ওপৰতে নিপিন্ধিব ৷ লগতে সঠিক জোখৰ কাফহে ব্যৱহাৰ কৰিব ৷
- আউজিব পৰা চকী এখনতহে বহিব ৷ লগতে ভৰি দুখন মজিয়াত আৰামেৰে ৰাখিব ৷
- ভৰি দুখন পাক দি নাৰাখিব ৷
- খালী পেটতহে ৰক্তচাপ জুখিব ৷
- কোনো কাম কৰাৰ ক্ষন্তেক পাচতেই ৰক্তচাপ নুজুখিব ৷ ১০ মিনিট মানৰ বাবে জিৰণি লৈহে ৰক্তচাপ জুখিব ৷
ক’ভিড-১৯ আৰু উচ্চ ৰক্তচাপ
যদি আপোনাৰ ৰক্তচাপৰ ৰিডিং সঠিক দেখুওৱা নাই বা আপুনি কোনো সমস্যাত ভূগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ৷ বিশেষকৈ ক’ভিড-১৯ৰ সময়চোৱাত উচ্চ ৰক্তচাপত ভূগি থকা লোকসকল অধিক সজাগ হৈ থকা উচিত ৷ যিহেতু উচ্চ ৰক্তচাপক ক’ম’ৰ্বিডিটি বুলি গণ্য কৰা হয় সেয়ে উচ্চ ৰক্তচাপত ভূগি থকা লোকসকল ক’ভিড-১৯ৰ দ্বাৰা গুৰুত্বৰভাৱে সংক্ৰমিত হোৱাৰ আশংকা থাকে ৷
ডব্লিউ এইচ অ'ই এই সম্বন্ধত আগবঢ়োৱা পৰামৰ্শসমূহ তলত দিয়া হ’লঃ
- চিকিৎসৰ পৰামৰ্শ অনুসৰি ৰক্তচাপৰ ঔষধসমূহ নিয়মিতভাৱে গ্ৰহণ কৰক ৷
- যদি সম্ভৱ হয়, ৰক্তচাপ নিজৰ ঘৰতে জোখক ৷ কেতিয়াবা ৰক্তচাপৰ ৰিডিং উচ্চ বা নিম্ন দেখুৱাব পাৰে তথাপি চিকিৎসকৰ পৰামৰ্শ অবিহনে চিকিৎসা নকৰিব ৷ মনত ৰখা উচিত যে নিম্ন ৰক্তচাপ শৰীৰত পানীৰ পৰিমাণ কম থকাৰ ফলতো হ’ব পাৰে ৷
- অধিক পৰিমাণে জুলীয়া আহাৰ সেৱন কৰক ৷ বহু লোক বিশেষকৈ বয়সীয়াল লোকসকলে পৰ্যাপ্ত পৰিমাণে পানী বা জুলীয়া আহাৰ গ্ৰহণ নকৰে ৷ জুলীয়া আহাৰ বা পানী যাতে সঠিক পৰিমাণে গ্ৰহণ কৰে তাৰ বাবে এখন সূচী প্ৰস্তুত কৰি লওক ৷
- শাৰীৰিক পৰিশ্ৰমঃ ভাইৰাছ বিধৰ সংক্ৰমণৰ গতি ৰোধ কৰিবলৈ আমি সৰহ সংখ্যকেই ঘৰতে অধিক সময় অতিবাহিত কৰিব লগীয়া হৈছে আৰু ইয়াৰ ফলত আমাৰ শাৰীৰিক পৰিশ্ৰমো কমি গৈছে ৷ এই সমস্যাৰ একমাত্ৰ উপায় হ’ল, সামজিক দূৰত্ব মানি চলি ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ যোৱা ৷ ইয়াক এনে এক কঠিন সময়ত এটা স্বাস্থ্যকৰ কৰ্ম লগতে মনোবল বৃদ্ধি কৰাৰ উপায় হিচাপেও বিবেচনা কৰিব পৰা যায় ৷
লগতে পঢ়ক-কৰ’ণা মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা উদ্যোগৰ 59 শতাংশ লাভ