নিউজ ডেস্ক, 17 নবেম্বৰ : ভাৰতবৰ্ষত আজি (17 নবেম্বৰ)ৰ দিনটো স্নায়ৱিক দুৰ্বলতাৰ ওপৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ প্ৰায় 50 মিলিয়ন লোক মৃগী ৰোগত আক্ৰান্ত, যিয়ে ইয়াক স্নায়ৱিক দুৰ্বলতা বেমাৰ হিচাপে চিহ্নিত কৰিছে ৷ ইয়াৰে 80 শতাংশ লোকেই নিম্ন আৰু মধ্য নিম্ম আয়ৰ দেশত বাস কৰে ৷ মৃগী ৰোগৰ বিষয়ে আমাৰ জানিবলগীয়া বহুখিনি আছে আৰু ইয়াক লৈ আমাৰ এই প্ৰতিবেদন ৷
কি হয় মৃগী ৰোগ ?
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মৃগী ৰোগ গৈছে মগজুৰ এক দীৰ্ঘস্থায়ী অযৌক্তিক বেমাৰ ৷ হঠাতে অলস হৈ পৰা, যাৰ ভিতৰত শৰীৰৰ এটা বিশেষ অংশ অথবা সমগ্ৰ শৰীৰৰে লৰচৰ কৰা ক্ষমতা লুপ্ত হৈ পৰে আৰু কেতিয়াবা অন্ত্র বা মূত্রাশয়ৰ কাৰ্যটো বিঘিনি প্ৰদান কৰে ৷ অলস হৈ পৰাৰ সময়ত মগজুৰ কোষসমূহে অত্যধিক পৰিমানে বৈদ্যুতিক তৰংগ প্ৰদান কৰে যাৰ বাবে মানুহজন কপি কপি জথৰ হৈ পৰে ৷ আনহাতে এই বেমাৰ কেতিয়াবা এদিনতো হ'ব পাৰে আৰু কেতিয়াবা কেইসপ্তাহলৈ চলি থাকিব পাৰে ৷
কিহৰ দ্বাৰা মৃগী ৰোগ সৃষ্ট হয় ?
কেতিয়াবা মৃগী ৰোগৰ বাবে বহুতো কাৰণ সন্মুখলৈ আহে যদিও অধিকাংশ সময়তে ইয়াক জানিব পৰা নাযায় ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি, প্ৰসৱপূৰ্ণ অথবা প্ৰসৱপূৰ্ণ কাৰণত হোৱা মগজুৰ ক্ষতি (জন্মৰ সময়ত অক্সিজেন কমি যোৱা আদি), জন্মগত অসামান্যতা অথবা মগজুৰ সৈতে জড়িত বংশীয় কাৰক, সাংঘাটিক পৰিমানে মজগুৰ ক্ষতিসাধণ, ষ্ট্ৰোক যিয়ে মগজুলৈ অক্সিজেনৰ প্ৰবাহ কমাই আনে, মগজুত মেনিনজাইটিছ, এনকেফেলাইটিছ আৰু নিউৰোচাইষ্টিকাৰকোছিচ আদিৰ ফলত হোৱা সংক্ৰমণ, কিছুসংখ্যক অনুবংশীয় ছিনদ্ৰম আৰু কেতিয়াবা ব্ৰেইন টিউমাৰো ইয়াৰ কাৰণ হ'ব পাৰে ৷
মৃগী ৰোগৰ লক্ষণসমূহ
ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেল, ভাৰতৰ মতে, মৃগী ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ হৈছে, হঠাতে সৃষ্টি হোৱা কঁপনি, (ভৰি আৰু হাতৰ অনিয়ন্ত্ৰিত কঁপনি), জ্ঞান হেৰুৱাই পেলোৱা, হাত-ভৰিত বিন্ধাৰ দৰে অনুভৱ কৰা, হাত-ভৰি-মুখৰ মাংসপেশীত কঠিনতা অনুভৱ কৰা আদি ৷
অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি এইসমূহ লক্ষণ মগজুত কৰা প্ৰতিক্ৰিয়া আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত ভিত্তি কৰি ভিন্ন হ'ব পাৰে ৷ অস্থায়ী লক্ষণসমূহৰ ভিতৰত জ্ঞান হেৰুৱাই পেলোৱা, লৰচৰ কৰাত প্ৰত্যাহ্বান পোৱা, দৃষ্টি, শ্ৰৱণ আৰু সোৱাদৰ ভিন্নতা অহা, মানসিক অৱস্থা আৰু অন্যান্য দীৰ্ঘস্থায়ী প্ৰক্ৰিয়া অন্তৰ্ভূক্ত হৈ থাকে ৷ মৃগী ৰোগত আক্ৰান্ত হৈ থকা লোকসকলৰ অধিকাংশই শাৰিৰীক সমস্যাৰ মুখামুখি হোৱাৰ উপৰিও হতাশগ্ৰস্ততা অথবা নিৰাশাৰ দৰে মানসিক ভিন্ন অৱস্থাৰো সন্মুখীন হয় ৷
এই সমস্যাৰ সৈতে মুখামুখি হোৱা 9 টা সাধাৰণ উপায়
হঠাতে লাগি ধৰাৰ পৰাই অধিকাংশ লোকৰ মৃগী ৰোগ উৎপন্ন হয় যিহেতু, এইটো আমাৰ মনত ৰখা অতিকে দৰকাৰ ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলে প্ৰকাশ কৰা অনুসৰি, যেতিয়াই কোনো ব্যক্তি হঠাতে মৃগী উঠে, তেতিয়া আমি তলত দিয়া উপায়সমূহ মানি চলিব লাগে ৷
- কেতিয়াও আতংকগ্ৰস্ত নহ'ব ৷
- কেতিয়াও অৱস হৈ পৰা ব্যক্তিজনক তেওঁৰ অৱস্থাৰ বিপৰীতে প্ৰতিৰোধ কৰিবলৈ চেষ্টা নকৰিব ৷
- এনে অৱস্থাত ব্যক্তিজনৰ কাষৰ পৰা তীক্ষ্ণ অথবা ঢাৰযুক্ত বস্তুসমূহ আঁতৰাই আনক ৷
- ডিঙিত পিন্ধি থকা যিকোনো সামগ্ৰীয়ে ঢিলা কৰি দিয়ক ৷
- ব্যক্তিজনক সাৱধানে এটা ফালে ঘুৰাই দিয়ক যাতে ব্যক্তিগৰাকীৰ মুখত থকা লেলাৱতিখিনি বাহিৰলৈ ওলাই আহে ৷
- ব্যক্তিগৰাকীক যিকোনো কোমল সামগ্ৰীৰ ওপৰত মুৰতো ৰাখি শুৱাই দিয়ক ৷
- জিভা লাগি ধৰাৰ ভয়তে ব্যক্তিগৰাকীৰ মুখত ভুলতেও কোনো সামগ্ৰী সোমাই নিদিব ৷
- স্বাস্থ্যকৰ্মী উপস্থিত নোহোৱালৈকে ব্যক্তিগৰাকীৰ কাষৰ পৰা আঁতৰি নাহিব ৷
- ব্যক্তিগৰাকীক জিৰণি অথবা শুবলৈ দিয়ক ৷
ইয়াৰ দ্বাৰাই মৃগী ৰোগক প্ৰতিৰোধ কৰিব পাৰি ৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে, সময়ত মৃগী প্ৰতিৰোধী ঔষধ লোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা 70 শতাংশ ব্যক্তিয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ ৰোগৰ চিকিৎসাত কোনো বিলম্ব নকৰাকৈ আৰু নিৰ্ধাৰিত ঔষধ সময়ত গ্ৰহণ কৰি ইয়াক প্ৰতিৰোধ কৰিব পাৰি ৷ প্ৰাৰম্ভিক অৱস্থাত উপযুক্ত চিকিৎসা আৰু অন্যান্য পদ্ধতিৰে এই ৰোগ পৰৱৰ্তী সময়ত অধিক বিয়পি পৰাত বাধা দিব পাৰি ৷ এই ৰোগত আক্ৰান্ত হৈ থকা লোকসকলে চিৰস্থায়ী ভাৱে সুৰা সেৱনৰ পৰাও আতঁৰত থাকিব লাগে ৷
লগতে পঢ়ক : নিজ মাতৃয়ে হাতে ভৰিয়ে শিকলি লগাই বান্ধি ৰাখিছে পুত্ৰক কিন্তু কিয় !