নিউজ ডেস্ক, 13 মাৰ্চ: স্মাৰ্টফোন ব্ৰেণ্ড OPPO ই শেহতীয়াভাৱে মুকলি কৰিছে OPPO Find X3 Pro ৷ 50MP কেমেৰা, 12GB RAM, 256GB ইন্টাৰনেল ষ্টোৰেজ, আৰু স্নেপড্ৰাগন 888 বৈশিষ্টযুক্ত ফোনটোৰ নিম্নতম মূল্য 1,149 ইউৰো ৷
OPPO Find X3 Pro বৈশিষ্ট আৰু বিশেষত্ব:
- প্ৰাপ্ত তথ্য অনুসৰি স্মাৰ্টফোনটো গ্ল’ছ ব্লেক আৰু এন্টি গ্লেৰ ব্লু মেট ৰঙত উপলব্ধ হ’বলগীয়া ফোনটো 30 মাৰ্চৰ পৰা বজাৰত উপলব্ধ হ’ব ৷
- QHD+ যুক্ত 6.7 ইঞ্চিৰ ফোনটোত ৰিফ্ৰেছ ৰেট 5Hzৰ পৰা 120Hzৰ মাজত ৷
- ইয়াৰ উপৰিও Find X3 Pro এ 240Hz touch-sampling rate যোগান ধৰে ৷
- 4,500mAh বেটেৰী ক্ষমতাযুক্ত ফোনটো 65 সপ্তাহলৈকে অব্যাহত থাকিব ৷
- কোম্পানীয়ে জনোৱা অনুসৰি 80 মিনিটতে ইয়াৰ বেটেৰী 0ৰ পৰা 100 শতাংলৈ চাৰ্জ হ’ব ৷
- ফোনটোত 50MP Sony IMX766 চেঞ্চৰযুক্ত quad-camera সংযুক্ত কৰা হৈছে ৷ ইয়াৰে এটা মুখ্য wide-angle কেমেৰা আৰু আনটো ultra-wide-angle চেঞ্চৰযুক্ত ৷
- ইয়াৰ উপৰিও ইয়াত 13MP টেলিফটো কেমেৰা আছে যি 5 গুণ অধিক হাইব্ৰীড জুম ক্ষমতা প্ৰদান কৰে ৷ আনহাতে, A 3MP মেক্ৰ’ কেমেৰাই rear ব্যৱস্থাটো সম্পূৰ্ণ কৰি তোলে ৷
- ফ্ৰন্ট কেমেৰাটো 32MP চেঞ্চৰযুক্ত ৷
- Android 11ৰ ওপৰত ভিত্তি কৰি The Find X3 Pro ফোনটোকত ColorOS 11.2ৰ বৈশিষ্ট প্ৰদান কৰা হৈছে ৷
চলিত বৰ্ষৰ জানুৱাৰী মাহতে চাইনীজ স্মাৰ্টফোনৰ বজাৰত শীৰ্ষ স্থান দলল কৰিবলৈ সক্ষম হয় OPPO ই ৷
লগতে পঢ়ক-ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'