ETV Bharat / lifestyle

M1 Macসমূহত iOS এপ ইনষ্টলত বাধা Apple ৰ - macOS Big Sur 11.2 beta

Apple এ M1 silicon chip যুক্ত Macৰ নতুন সংস্কৰণৰ পৰা উপভোক্তাসকলক iPhone আৰু iPad এপসমূহ sideload কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে ৷ এই পৰিৱৰ্তনসমূহ M1 Macত macOS Big Sur 11.1ৰ লগতে macOS Big Sur 11.2ৰ ডেভেলপাৰ বা সাৰ্বজনীন betaত কাৰ্যকৰী হ’ব ৷

Apple blocks users of new Macs with M1 silicon chips from sideloading iPhones and iPad apps
M1 Macসমূহত iOS এপ ইনষ্টলত বাধা Apple ৰ
author img

By

Published : Jan 16, 2021, 7:08 PM IST

নিউজ ডেস্ক,16 জানুৱাৰী: Apple এ M1 silicon chip যুক্ত Macৰ নতুন সংস্কৰণৰ পৰা উপভোক্তাসকলক iPhone আৰু iPad এপসমূহ sideload কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে ৷ 9to5Macৰ এক প্ৰতিবেদন অনুসৰি উপভোক্তাসকলে এতিয়াৰে পৰা তেওঁলোকৰ M1 Macসমূহত অনানুষ্ঠানিকভাৱে iOS appসমূহ ইনষ্টল কৰিবলৈ সক্ষম নহ’ব ৷

প্ৰতিবেদনখনত উল্লেখ কৰিছে যে, "Apple এ এই সালসলনিসমূহ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে server-side switch উঠাই দিয়ে ৷ ইয়াৰ অৰ্থ এইটোৱে যে, আপোনাৰ iPhone আৰু iPadৰ পৰা M1 Macলৈ চাপোৰ্ট নকৰা এপলিকেশ্যনসমূহ ইনষ্টল কৰিবলৈ iMazingৰ দৰে অপলিকেশ্যনসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম নহ’ব ৷"

iOS এপসমূহ Mac এপ ষ্টোৰত উপলব্ধ যদিও নেটফ্লিক্স, ইনষ্টাগ্ৰাম, ফেচবুক আদি এপলিকেশ্যনসমূহ macOSত চলাবলৈ ডেভেলোপাৰৰ অনুমতি নাই ৷ বৰ্তমানলৈকে Mac এপ ষ্টোৰ ব্যৱহাৰ নকৰাকৈয়ে third-party softwareৰ সহায়ত এই এপসমূহ ব্যৱহাৰ কৰিবলৈ সুবিধা প্ৰদান কৰে ৷ Appleএ বৰ্তমান ইয়াক দূৰৱৰ্তীভাৱে অক্ষম কৰিছে ৷

এই পৰিৱৰ্তনসমূহ M1 Macত macOS Big Sur 11.1ৰ লগতে macOS Big Sur 11.2ৰ ডেভেলপাৰ বা সাৰ্বজনীন betaত কাৰ্যকৰী হ’ব ৷ macOS Big Sur 11.2 beta ব্যৱহাৰকাৰীসকলে এই ক্ষেত্ৰত "এই এপলিকেশ্যনটো ইনষ্টল কৰিব নোৱাৰিব কাৰণ ডেভেলপাৰে এই প্লেটফৰ্মত এপটো চলাবলৈ অনুমতি প্ৰদান কৰা নাই ৷" বুলি এক ত্ৰুটিবাৰ্তা লাভ কৰাৰ বিপৰীতে macOS 11.1 ব্যৱহাৰ কৰা M1 Mac ব্যৱহাৰকাৰীসকলে "পুনৰ চেষ্টা কৰক" বুলি এটি বাৰ্তা লাভ কৰে ৷

লগতে পঢ়ক-আইজল অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীক COIVD-১৯ৰ প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.