নিউজ ডেস্ক, 12 আগষ্টঃ এটি 30 ছেকেণ্ডৰ ভিডিঅ'ই বিপদত মাতিছে শিল্পী মিকা সিঙলৈ ৷ পাকিস্তানৰ কাৰাচীত এটি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবেই দেশবাসীৰ তথা অনুৰাগীৰ ৰোষত পৰিল গায়ক গৰাকী ৷
উল্লেখ্য যে, কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 উঠাই লোৱাৰ পাচতে ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হৈছিল মতানৈক্যৰ ৷ তাৰ পাচতে ভাৰতৰ বিভিন্ন দল সংগঠনে পাকিস্তানৰ শিল্পী ভাৰতে বৰ্জন কৰাৰ লগতে ভাৰতৰ শিল্পীয়ে পাকিস্তানৰ অনুষ্ঠানত অংশ গ্ৰহণ নকৰিবলৈ আহ্বান কৰে ৷ কিন্তু তাৰ পাচতে পাকিস্তানৰ কাৰাচীত মিকা সিঙে বিবাহৰ সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰা ভিডিঅ' ভাইৰেল হৈ পৰাত ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে ৷