বঙাইগাঁও, 06 এপ্ৰিলঃ কেউদিশে নিৰ্বাচনী ধামখুমীয়াৰ পাচতো বাপতি সাহোন ৰঙালী বিহুটিক পাহৰা নাই অসমীয়াই । নেতাৰ ৰাজনৈতিক শ্ল'গান, জিন্দাবাদ ধ্বনিৰ মাজতো ঢোল-পেঁপাৰ শব্দই মুখৰিত কৰিছে ৰাজ্যৰ চৌদিশ ৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা ৷
বঙাইগাঁৱৰ সৃজনগ্ৰামত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ উদ্যোগত যৌথভাৱে আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোল বাদনৰ সাতদিনীয়া কৰ্মশালা । সৃজনগ্ৰাম ইউনাইটেড হাইস্কুল খেলপথাৰত আয়োজিত কৰ্মশালাত উছাহেৰে অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ শিশুৰ লগতে শতাধিক যুৱক-যুৱতীয়ে ৷ মঞ্চবিহু তথা নামী-দামী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে অঞ্চলটোৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশৰ উদ্দেশ্যে এই কৰ্মশালা আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰিছে সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আব্দুল লতিফে ৷ কৰ্মশালাখনৰ জৰিয়তে বিহুৰ প্ৰকৃত আৰু শুদ্ধ ৰূপক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰা হৈছে বুলিও জনায় উদ্যোক্তাসকলে ৷