ETV Bharat / jagte-raho

টিংখাঙত ফেচবুকত প্ৰেমত পৰি প্ৰতাৰিত যুৱতী

টিংখাঙত ফেচবুক প্ৰেমত পৰি প্ৰতাৰিত যুৱতী । মাত্ৰ ১০ দিনীয়া ফেচবুক প্ৰেমে জীৱনলৈ অমানিশা কঢ়িয়াই আনিলে টিংখাঙৰ এগৰাকী যুৱতীৰ ।

টিংখাঙত ফেচবুকত প্ৰেমত পৰি প্ৰতাৰিত যুৱতী
author img

By

Published : Sep 8, 2019, 2:23 PM IST

টিংখাং,8ছেপ্টেম্বৰঃ যুগৰ পৰিবৰ্তন হোৱাৰ লগে লগে ডিজিটেলাইজ হৈছে আমাৰ দৈনিক জীৱন ৷ সমান্তৰালকৈ যুগৰ লগত মিলাই প্ৰেমকো ডিজিটেলাইজ কৰিছে একাংশ ব্যস্ত লোকে ৷ কিন্তু তাৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে সেয়া সকলোৱে জ্ঞাত ৷ তেনে এক ঘটনাই পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ টিংখাঙত ৷ মাত্ৰ ১০ দিনীয়া ফেচবুক প্ৰেমে জীৱনলৈ অমানিশা কঢ়িয়াই আনিলে টিংখাঙৰ এগৰাকী যুৱতীৰ। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পোৱালি পথাৰ গাঁৱৰ যুৱতী গৰাকীয়ে ফেচবুকত চিনাকি হৈছিল শিৱসাগৰ ডিমৌৰ ৰাজু গগৈ ওৰফে নিতুল গগৈ নামৰ যুৱকজনৰ সৈতে । নিজকে গুৱাহাটীত আৰক্ষীত কৰ্মৰত বুলি পৰিচয় দিয়া যুৱকজনে যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ অভিনয় কৰিছিল ফেচবুকত । ইপিনে যোৱা ২৬ আগষ্টত প্ৰেমিক ৰাজুৱে যুৱতী গৰাকীক লগ কৰিবলৈ টিংখাঙলৈ আহি ভয়-ভাবুকিৰে যুৱতীগৰাকীক নিজৰ লগত লৈ যায় । প্ৰথমে দুয়ো ৰাজগড়ৰ পৰা বাছেৰে দুলিয়াজানলৈ যায় ৷ তাৰ পাছত ৰে'লেৰে যুৱতী গৰাকীক ডিমাপুৰলৈ নি তাত এখন হোটেলত আৱদ্ধ কৰি ৰাখে । ইতিমধ্যে লম্পট প্ৰেমিকে প্ৰেমিকাৰ গাৰ সকলো সোনৰ অলংকাৰ বিক্ৰী কৰে । ইফালে যুৱতী গৰাকীয়ে ৰাজু ওৰফে নিতুলক তেওঁৰ ঘৰলৈ নিবলৈ জোৰ কৰাত শু‌কুৰবাৰে যুৱকজনে যুৱতী গৰাকীক নিজৰ ঘৰলৈ ৰে'লেৰে আনি নাহৰকটীয়া ৰে'ল ষ্টেচনত কিছু সময় অপেক্ষা কৰিবলৈ কৈ অন্তৰ্ধান হয় । পাচত অসহায় যুৱতী গৰাকীয়ে নাহৰকটীয়া আৰক্ষী থানাত উপস্থিত হৈ সবিশেষ অৱগত কৰে । ইতিমধ্যে যুৱতী গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

টিংখাঙত ফেচবুকত প্ৰেমত পৰি প্ৰতাৰিত যুৱতী

আনহাতে শুকুৰবাৰে দিনত টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ পথৰ পৰাই দিল্লীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বচা গাঁৱৰ পৰা বোৱাৰী সন্ধানহীন হৈ আছে। এটা সন্তানৰ মাতৃ বোৱাৰী গৰাকীকো অভিযুক্ত ৰাজু গগৈয়ে কৌশলেৰে পলোৱাই নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।

Intro:।। টিংখাঙত ফেচবুক প্ৰেমত পৰি প্ৰতাৰিত যুৱতী ।।মাত্ৰ ১০ দিনীয়া ফেচবুক প্ৰেমে জীৱনলৈ অমানিশা কঢ়িয়াই আনিলে টিংখাঙৰ এগৰাকী যুৱতীৰ। চাওক আমাৰ এক প্ৰতিবেদন।

Body:ফেচবুকত প্রেম কৰা সকল সাৱধান। ফেচবুকত প্ৰেমত পৰি প্ৰতাৰিত এগৰাকী যুৱতী। মাত্ৰ ১০ দিনীয়া ফেচবুক প্ৰেমে জীৱনলৈ অমানিশা কঢ়িয়াই আনিলে টিংখাঙৰ এগৰাকী যুৱতীৰ। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পোৱালি পথাৰ গাঁৱৰ যুৱতী গৰাকীয়ে ফেচবুকত চিনাকি হৈছিল শিৱসাগৰ জিলাৰ ডিমৌৰ নিতাই বান্দৰপাৰা গাঁৱৰ ৰাজু গগৈ ওৰফে নিতুল গগৈ নামৰ যুৱকজনৰ সৈতে। নিজকে গুৱাহাটীত আৰক্ষীত চাকৰি কৰা বুলি পৰিচয় দিয়া ধুৰন্ধৰ যুৱক জনে ফেচবুকত প্ৰেমৰ অভিনয় কৰিছিল যুৱতী গৰাকীৰ সৈতে। আৰু যোৱা ২৬ আগষ্টত প্ৰেমিক ৰাজুৱে যুৱতী গৰাকীক লগ কৰিবলৈ টিংখাঙলৈ আহে। তাৰ পাচত ৰাজু গগৈ নামৰ যুৱকজনে ভয়-ভাবুকিৰে নিজৰ লগত লৈ যায়। প্ৰথমে দুয়ো ৰাজগড়ৰ পৰা বাছেৰে দুলিয়াজানলৈ যায় , তাৰ পাছত ৰেলেৰে যুৱতী গৰাকীক ডিমাপুৰলৈ নি তাত এখন হোটেলত আৱদ্ধ কৰি ৰাখে। ইতিমধ্যে লম্পট প্ৰেমিকে প্ৰেমিকাৰ গাৰ সোনৰ অলংকাৰ বিক্ৰী কৰে। ইফালে যুৱতী গৰাকীয়ে ৰাজু ওৰফে নিতুলক তেওঁৰ ঘৰলৈ নিবলৈ জোৰ কৰাত শু‌কুৰবাৰে যুৱকজনে যুৱতী গৰাকীক নিজৰ ঘৰলৈ ৰেলেৰে আনি নাহৰকটীয়া ৰেল ষ্টেচনত কিছু সময় অপেক্ষা কৰিবলৈ কৈ অৰ্ন্তধান হয়। পাচত অসহায় যুৱতী গৰাকীয়ে নাহৰকটীয়া আৰক্ষী থানাত উপস্থিত হৈ সবিশেষ অৱগত কৰে। পাচত যুৱতী গৰাকীক নাহৰকটীয়া আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়ে। ইতিমধ্যে যুৱতী গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Byte-(1)- ভুক্তভোগী যুৱতী।
Byte-(2)- দেউতাক।
Conclusion:ইফালে শুকুৰবাৰে দিনত টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ পথৰ পৰাই দিল্লীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বচা গাঁৱৰ পৰা বোৱাৰী সন্ধানহীন হৈ আছে। এটা সন্তানৰ মাতৃ বোৱাৰী গৰাকীকো অভিযুক্ত ৰাজু গগৈয়ে কৌশলেৰে পলোৱাই নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

Byte: বোৱাৰী গৰাকীৰ পিতৃ।

এই ঘটনাক কেন্দ্ৰ কৰি টিংখাঙত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজু ওৰফে নিতুলে ইয়াৰ পূৰ্বেও ফেচবুকত প্ৰেমৰ জাল পেলাই বহু যুৱতীৰ জীৱন ধ্বংস কৰিছে।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.