নিউজ ডেস্ক, 13 এপ্ৰিলঃ মুম্বাইৰ এক অনুদান ন্যাসৰ 7 গৰাকীকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ কোভিড-19ক লৈ অব্যাহত থকা লকডাউনৰ নীতি নিয়ম ভংগ কৰাৰ অপৰাধতে লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷
সমগ্ৰ ঘটনাটো অছিৱাৰাৰ ক্ৰান্তি নগৰ অঞ্চলত সংঘটিত হয় ৷ সামাজিক দূৰত্বৰ নিয়ম ভংগ কৰি এছ আৰ এ খেলপথাৰত প্ৰায় 300 মানুহৰ সমাগম ঘটে ৷ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ ন্যাসটোৱে এই অনুষ্ঠান আয়োজন কৰিছিল ৷ কিন্তু কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছিল এই অনুষ্ঠানত ৷ এই বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিচতেই ন্যাসৰ 7 গৰাকীকৈ কৰ্মকৰ্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে ৷
অছিৱাৰা আৰক্ষী চকীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দয়ানন্দ বাংগাৰে এই কথা প্ৰকাশ কৰে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188, 269 আৰু 270ৰ অধীনত লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত লোককেইজনক জামিনত মুকলি কৰি দিয়া হয় ৷