শিৱসাগৰ, 10আগষ্টঃ ছাত্ৰীক যৌন অভিসাৰৰ প্ৰস্তাৱ দি শিৱসাগৰৰ এজন শিক্ষক এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত ৷ শিৱসাগৰৰ হাঁহচৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অসমীয়া বিষয় শিক্ষকে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীলৈ ফোনত অশ্লীল ইংগিত দি গুৰুলা গুৰুলকৈ প্ৰহৃত হোৱা ঘটনাত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ উল্লেখ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীনা ছাত্ৰী গৰাকীয়ে শিৱ কন্যাক নামৰ আত্মীয়ৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি পঢ়া শুনা কৰি আছে ৷ তাৰেই সুবিধা লৈ ফোনত ছাত্ৰী গৰাকীক লম্পট শিক্ষকজনে প্ৰদান কৰি আহিছিল অশ্লীল ইংগিত ৷ অ'ডিঅ' ক্লীপ ৰাজহুৱা হোৱাত শিক্ষক বিভূতি মহন্তক ৯ আগষ্টৰ নিশা দহ বজাত শিৱ কন্যাকে মাতি নিয়াৰ লগতে ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাত গুৰুতৰ ভাবে আহত হয় শিক্ষকজন ৷ শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাবে আঘাত প্ৰাপ্ত শিক্ষক বিভূতি মহন্তক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত নিশাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰে ৷
ইপিনে ঘটনা সম্পৰ্কত শিৱসাগৰ সদৰ আৰক্ষী থানাত শিক্ষক বিভূতি মহন্তৰ পিতৃ ৰেৱকান্ত মহন্তৰ এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে তিনিও জনক জেললৈ প্ৰেৰণ কৰে ৷ আনহাতে ছাত্ৰী গৰাকীৰ মাতৃয়েও চেৰেকাপাৰ আৰক্ষী চকীত শিক্ষক বিভূতি মহন্তৰ বিৰুদ্ধে কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ প্ৰদান কৰিছে ৷