শিলচৰ, 19 ডিচেম্বৰ : মানৱ সভ্যতাৰ চূড়ান্ত অৱক্ষয় ঘটিছে অসমত ৷ প্ৰথমে মধুৰ প্ৰেমৰ মায়াজাল আৰু তাৰ পিচতেই শাৰিৰীক সম্পৰ্ক ৷ অন্তঃসত্বা যুৱতীক অকলশৰে এৰি পলায়ন প্ৰেমিকৰ ৷ পৰিয়ালৰ লোকৰ পৰাও এলাগী ভুক্তভোগী যুৱতীগৰাকী ৷ অৱশেষত পথাৰতে সন্তান প্ৰসৱ কৰে যদিও সু-চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰে সদ্যোজাত সন্তানেও ৷ মানৱ জাতিক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ ধলাইৰ সুকতলাত ৷
ঘটনা অনুসৰি, সুকতলাৰ ৰিপন উদ্দিন নামৰ যুৱকজনে বিবাহৰ প্ৰলোভনেৰে যুৱতীগৰাকীৰ সৈতে গঢ়ি তুলিছিল শাৰিৰীক সম্পৰ্ক ৷ অন্তঃসত্বা যুৱতীগৰাকীক পৰিয়ালৰ লোকে ৰিপন উদ্দিনৰ সৈতে বিয়া দিবলৈ ঘৰতেই ৰাখি থৈছিল যদিও বিগত বৃহস্পতিবাৰে প্ৰসৱ বেদনা অনুভৱ কৰা যুৱতীগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে পৰিয়ালৰ লোকে ৷ এনে অৱস্থাত ঘৰৰ কাষত থকা পথাৰতে এটি সন্তান জন্ম দিয়ে যুৱতীগৰাকীয়ে ৷
এই খবৰ জানিব পাৰি স্থানীয় লোকে গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰি পুনৰ নিজৰ পৰিয়ালত থৈ আহে ৷ স্থানীয় লোক তথা গাঁওৰক্ষী বাহিনীৰ হেঁচাত প্ৰথমে যুৱতীগৰাকীক ঘৰত ৰাখে যদিও নিশা পুনৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে পৰিয়ালৰ লোকে ৷ হিমচেঁচা শীতৰ ৰাতি সদ্য়োজাত সন্তানক লৈ পথাৰতে কটায় অকলশৰীয়া যুৱতীগৰাকীয়ে ৷ এনে অৱস্থাত ঠাণ্ডা লাগি মৃত্যু ঘটে সদ্যোজাত সন্তানটোৰ ৷
শুকুৰবাৰে ৰাতিপুৱা পুনৰ যুৱতীগৰাকীক পথাৰত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষী তথা স্বাস্থ্য বিভাগক খবৰ দিয়ে ৷ আৰক্ষীয়ে আহি যুৱতীগৰাকীৰ লগতে মৃত্যু ঘটা সদ্যোজাত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি লৈ যায় ৷ এই ঘটনাৰ পিচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কাছাৰ জিলাত ৷
লগতে পঢ়ক : নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অগ্নিকাণ্ড