নিউজ ডেস্ক, 9 এপ্ৰিলঃ পঞ্জাৱৰ পাটিয়ালাত আৰক্ষীয়ে আটক কৰে এগৰাকী ব্যক্তিক ৷ সামাজিক মাধ্যমযোগে ব্যক্তিগৰাকীয়ে এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে আক্ৰোশমুলক মন্তব্য কৰিছিল ৷ লুধিয়ানাৰ পৰা সেই বিশেষ জনগোষ্ঠীটোৰ সদস্যই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ প্ৰদান কৰে ৷ ব্যক্তিগৰাকীৰ বিৰুদ্ধে লাভ কৰা অভিযোগৰ ভিত্তিতে পাটিয়ালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক ৷
ধৃত ব্যক্তিগৰাকী আকাশদ্বীপ বুলি প্ৰকাশ কৰিছে পঞ্জাৱ আৰক্ষীৰ সঞ্চালকপ্ৰধান দিনকৰ গুপ্তাই ৷ ইতিমধ্যে আকাশদ্বীপৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷ বৃহস্পতিবাৰে আকাশদ্বীপক আদালতত হাজিৰ কৰোৱা হ’ব ৷ আকাশদ্বীপৰ মোবাইল ফোন আৰু অন্যান্য কন্টেটসমূহ আৰক্ষীয়ে জব্দ কৰিছে ৷ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লকডাউনৰ সময়ত আৰোপ কৰা নিয়ম ভংগ কৰিলে নিয়মভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে ৷