নগাঁও, 17 জুন : মঙলবাৰে বিয়লি 108এম্বুলেঞ্চ সেৱাৰ এজন চালকক কোনো কাৰণ নোহোৱাকৈ আক্ৰমণ কৰিছিল কেইগৰাকীমান যুৱকে ৷ এটা পেট্ৰ'ল পাম্পত সংঘটিত এই ঘটনাত জড়িত এজন যুৱকক 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে নগাওঁ আৰক্ষীয়ে ।
নগাঁৱৰ ননৈ জাৰণী পেট্ৰ'ল পাম্পত তেল ভৰোৱাৰ সময়ত এখন আই20 বাহনেৰে অহা তিনি-চাৰিজনীয়া যুৱকৰ দল এটাই আক্ৰমণ কৰিছিল 108 এম্বুলেন্সৰ কৰ্মীক । পেট্ৰ'ল পাম্পৰ চিচিটিভি কেমেৰাত আৱদ্ধ আক্ৰমণৰ সমগ্ৰ দৃশ্য সংগ্ৰহ কৰি নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি 24ঘণ্টাৰ ভিতৰতে অভিযুক্তক আটক কৰিবলৈ দাবী জনাইছিল 108 কৰ্মীয়ে । নগাওঁ আৰক্ষীয়ে বুধবাৰে নিশাই নগাওঁ চহৰৰ ফৌজদাৰী পট্টিৰ ছমিৰ খান নামৰ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অৱশ্যে এই পৰ্যন্ত পলাতক হৈ আছে আন তিনিজন অভিযুক্ত ।
আৰক্ষীয়ে পলাতক অভিযুক্তৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান । গোচৰটো সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবে নগাওঁ আৰক্ষীক ধন্যবাদ জনাইছে 108 এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী সন্থাৰ নগাওঁ আৰু হোজাই জিলাৰ সভাপতি প্ৰবাল কুমাৰ নাথে ।
লগতে পঢ়কঃ নগাঁৱত 108ৰ চালকক প্ৰহাৰ সুৰামত্ত যুৱকৰ