ETV Bharat / jagte-raho

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক

author img

By

Published : Nov 4, 2020, 9:35 AM IST

Updated : Nov 4, 2020, 12:31 PM IST

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আজি ৰাতিপুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ 2018ৰ এটা আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হয় অৰ্ণৱ গোস্বামী ৷

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক
মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক

নিউজ ডেস্ক, 4 নৱেম্বৰ : মহাৰাষ্ট্ৰ আৰক্ষীৰ চিআইডি শাখাই বুধবাৰে গ্ৰেপ্তাৰ কৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ৷ 2018ৰ এক আত্মহত্যাৰ গোচৰত মুম্বাইস্থিত নিজা বাসগৃহৰ পৰাই চিআইডিয়ে গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক ৷

এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি, গোস্বামীক আলিবাগলৈ নিয়া হৈছে ৷ টিআৰপি গোচৰত নাম সাঙোৰ খাই পৰা অৱস্থাতে অন্য এক গোচৰত অৰ্ণৱক গ্ৰেপ্তাৰ কৰা কাণ্ডই সংবাদমহলক জোকাৰি গৈছে ৷

অনিল দেশমুখৰ টুইটটো
অনিল দেশমুখৰ টুইটটো

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হয় 2018ৰ এটা আত্মহত্যাৰ গোচৰত ৷ 53 বৰ্ষীয় অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে উক্ত বৰ্ষৰ মে' মাহত আলিবাগত আত্মহত্যা কৰিছিল ৷ নায়কে আত্মহত্যাৰ টোকাত অৰ্ণৱ গোস্বামীৰ লগতে আন দুগৰাকীয়ে তেওঁক 5.40 কোটি টকা দিবলৈ বাকী থকা বুলি লিখি থৈছিল ৷ দুবছৰ পূৰ্বৰ উক্ত গোচৰৰ 2020ৰ মে' মাহত তদন্তৰ ভাৰ চিআইডিক অৰ্পণ কৰে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ নাইকৰ কন্যা আদন্যা নাইকে এই সন্দৰ্ভত আলিবাগ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিচতেই আজি গ্ৰেপ্তাৰ হয় অৰ্ণৱ গোস্বামী ৷ ইতিমধ্যে মুম্বাই চিআইডিয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছে ৷

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ পিচতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে The Editors Guild of Indiaই ৷ ভাৰতীয় সাংবাদিকসকলৰ শীৰ্ষ সংস্থাটোৱে অৰ্ণৱ গোস্বামীৰ সৈতে শক্তি প্ৰদৰ্শন নকৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক আহ্বান জনাইছে ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে অৰ্ণৱৰ গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তিৰ অপপ্ৰয়োগ বুলি আখ্যা দিয়াৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ৰ প্ৰতিফলন বুলি প্ৰকাশ কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে অৰ্ণৱৰ গ্ৰেপ্তাৰৰ পিচতেই যিসকলে মুক্ত সংবাদমাধ্যমৰ কথা কয় সেইসকল মৌন হৈ থকাটো ফেচিবাদৰ অন্যতম উদাহৰণ বুলি কয় ৷ আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অৰ্ণৱৰ গ্ৰেপ্তাৰৰ পিচত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অমিত শ্বাহে অৰ্ণৱৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত মহাৰাষ্ট্ৰ চৰকাৰ আৰু কংগ্ৰেছৰ দ্বাৰা হোৱা এক আক্ৰমণ বুলি কয় ৷

আনহাতে এই ঘটনাৰ পিচতেই প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ দেশমুখে কয় যে, আইনৰ উৰ্ধত কোনো নহয় ৷ অৰ্ণৱ গোস্বামীৰ সৈতেও প্ৰশাসনে আইন অনুসৰিয়ে সকলো কাৰ্যবিধি কৰিব ৷ আনহাতে অৰ্ণৱ গোস্বামীয়ে তেওঁক গ্ৰেপ্তাৰৰ নামত আৰক্ষীয়ে অধিক শক্তি প্ৰয়োগ কৰাৰ লগতে তেওঁক মাৰপিট কৰা বুলিও সংবাদমাধ্যমৰ আগত অভিযোগ কৰে ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ চাইবাৰ বিশেষজ্ঞৰ হাতত 1.5 লাখতকৈও অধিক ভুৱা টুইটাৰ একাউন্টৰ তথ্য

Last Updated : Nov 4, 2020, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.