ETV Bharat / jagte-raho

১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালা

author img

By

Published : Sep 26, 2019, 12:57 PM IST

কাৰ্বি আংলং জিলা আৰক্ষীৰ বৃহৎ সাফল্য ! ডকমকাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাটৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগতে অভিযান কাৰী আৰক্ষীৰ দলটোৱে উক্ত অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত বিজয় আগৰৱালা

ডিফু,২৬ ছেপ্টেম্বৰঃ অৱশেষত সম্পূৰ্ণ ১৩ দিন অপহৰণকাৰীৰ কবলত থকাৰ পিছত বৃহস্পতিবাৰে সুস্থ শৰীৰে উদ্ধাৰ হ'ল ১৩ ছেপ্টেম্বৰত ডকমকাৰ পৰা অপহৰণ কৰি নিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালা ৷ উল্লেখ্য যে ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালাই নিজৰ ডকমকা নগৰত থকা হাৰ্ডৱেৰ দোকানখন বন্ধ কৰাৰ মূহুৰ্ততে 3 অচিনাক্ত দুৰ্বৃত্তই মটৰ চাইকেলেৰে আহি অপহৰণ কৰিছিল ৷ অপহৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাৰিওফালে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল যদিও কোনো উগ্ৰপন্থী সংগঠনে উক্ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল ৷ তাৰ পাচতেই অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰাৰ বাবে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে নাগালেণ্ড,হোজাই আৰু কাৰ্বি আংলঙৰ দুৰ্গম এলেকাত নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলাইছিল ৷

etv bharat
১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত বিজয় আগৰৱালা
অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা অসম আৰক্ষীৰ দলে এক যুটীয়া অভিযান চলাই কাৰ্বি আংলঙৰ হাওৰাঘাট নগৰৰ এটা ঘৰৰ পৰা অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অপহৃত বিজয় আগৰৱালাক লগে লগে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে তেওঁক কিছু দুৰ্বল বুলি কয় যদিও সুস্থ অৱস্থাত আছে বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমক অৱগত কৰে ৷ ইপিনে অভিযানকাৰী দলটোৱে উক্ত অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন অপহৰণকাৰী আটাইকেইজন কাৰ্বি আংলঙৰ হাওৰাঘাটৰ ক্ৰমে তপণ টেৰণ,সঞ্জয় গোৱালা আৰু জনক বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত অপহৰণকাৰী সকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Intro:**কাৰবি আংলং জিলা আৰক্ষীৰ বৃহৎ সাফল্য !**
----------------------------------------
**ডকমকাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাটৰ পৰা উদ্ধাৰ আৰক্ষীৰ ৷**

ডিফু, ২৬ ছেপ্তেম্বৰ:- অৱশেষত সম্পূৰ্ণ ১৩ দিন অপহৰণকাৰীৰ কৱলত থকাৰ পিছত আজি সুস্থ শৰীৰে উদ্ধাৰ হ'ল ১৩ ছেপ্তেম্বৰত ডকমকাৰ পৰা অপহৰণ কৰি নিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালা (৩৫) ৷ উল্লেখ যোগ্য যে ১৩ ছেপ্তেম্বৰৰ সন্ধিয়া যুৱ ব্যৱসায়ী বিজয় আগৰৱালে নিজৰ ডকমকা নগৰত থকা নিজৰ হাৰ্ডৱেৰ দোকানখন বন্ধ কৰি দোকানৰ লগতে সংলগ্ন হৈ থকা ঘৰত প্ৰৱেশ কৰাৰ মূহুৰ্তত তিনিজন অচিনাক্ত দূৰ্বৃত্তই মটৰ চাইকেল আহি বিজয় আগৰৱালাক অপহৰণ কৰি লৈ গৈছিল ৷ অপহৰণৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাৰিওফালে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল যদিও কোনো উগ্ৰপন্থী সংগঠনে উক্ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল ৷ তেতিয়াৰ পৰাই কাৰবি আংলং জিলা আৰক্ষীৰ এক প্ৰকাৰ নিদ্ৰা হৰণ হৈ পৰিছিল ৷ অপহৃত বিজয় আগৰৱালাক উদ্ধাৰ কৰাৰ বাবে কাৰবি আংলং জিলা আৰক্ষীৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ নিৰ্দেশ মৰ্মে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, হোজাই আৰু কাৰবি আংলঙৰ দূৰ্গম এলেকাতো নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলায়ো অপহৃতাৰ শুংসুত্ৰ ওলাব পৰা নাছিল ৷ ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা হাওৰাঘাট , ডকমকা, বকলিয়া, মাঞ্জা আৰু খটখটি থানাৰ অ'চি ক্ৰমে, লিণ্টু বৰা, বিতুপন চুতিয়া, বিজু কিনকাৰ, জিতুমনি ডেকা আৰু মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত ইউবি ষ্টাফ অসম আৰক্ষীৰ বনবিভাগৰ ৰেঞ্জাৰ অসম আৰক্ষীৰ বেটেলিয়নৰ দলে এক যুটীয়া অভিযান চলাই কাৰবি আংলং জিলাৰ হাওৰাঘাট নগৰৰ এটা ঘৰৰ পৰা অপহৃতা বিজয় আগৰৱাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অপহৃত বিজয় আগৰৱালক তৎক্ষণাৎ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকে তেওঁক কিছু দুৰ্বল বুলি কয় যদিও সুস্থ অৱস্থাত আছে বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমত অৱগত কৰে ৷ অভিযান কাৰী দলটোৱে অপহৰণত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন অপহৰণকাৰী আটাইকেইজন কাৰবি আংলং জিলাৰ হাওৰাঘীট নগৰৰ ক্ৰমে, মৃত নগেন টেৰণৰ পুত্ৰ তপণ টেৰণ (৪৭), মনিৰাম গোৱালাৰ পুত্ৰ সঞ্জয় গোৱালা (৩০) আৰু মৃত ৰুদ্ৰ বসুমতাৰীৰৰ পুত্ৰ জনক বসুমতাৰী (৪০) বুলি চিনাক্ত কৰা হৈছে ৷ এই সন্দৰ্ভত অপহৰণকাৰী সকলক আৰক্ষীয়ে জেৰা অব্যাহত কৰিছে ৷ আৰক্ষীৰ এনে সফলতাত সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:********Conclusion:************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.