ডিফু, 28 জুন : কাৰ্বি আংলঙত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এক গোপনীয় সূত্ৰৰ পম খেদি সেনা আৰু আৰক্ষীয়ে চকীহ'লা থানাৰ অন্তৰ্গত পানজানৰ দূৰ্গম এলেকাত দেওবাৰে এক যুটীয়া অভিযান চলায় ৷
সেনা-আৰক্ষীৰ এই অভিযানত পিডিচিকেৰ এগৰাকী এৰিয়া কামাণ্ডাৰক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় বুলি সেনাই প্ৰকাশ কৰিছে ৷ ধৃত কেডাৰজনৰ পৰা সেনা-আৰক্ষীয়ে এটা আইডিৰ ৰিম'ট কণ্ট্ৰ'ল আৰু ধনদাবী পত্ৰ উদ্ধাৰ কৰিলৈ সক্ষম হয় বুলি প্ৰকাশ কৰিছে সেনাই ৷ ধৃত কেডাৰজন চকীহ'লা থানা এলেকাৰ পইছা ইংতি গাঁৱৰ ছানছিৰাম টেৰণৰ পুত্ৰ বনেট টেৰণ ওৰফে ৱাইচং টেৰণ (৩৫) বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়কঃ অৰুণাচল আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত NSCN কেডাৰ আটক