বকো,11 আগষ্টঃ কামৰূপ জিলাৰ বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঔফুলাত মঙলবাৰে বন বিভাগে জব্দ কৰে অবৈধ কাঠৰ কুণ্ডা ভৰ্তি ডি আই গাড়ী ৷ বন বিভাগে চলোৱা এটা অভিযানত অবৈধ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, নিশা প্ৰায় ডেৰ বজাত এক গোপন সুত্ৰৰ পম খেদি চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায় ৷ বন বিভাগে চলোৱা এই অভিযানত বকোৰ বামুনীগাঁও শান্তিপুৰৰ ঔফুলাত চোৰাং কাঠ সৰবৰাহকাৰীয়ে বনাঞ্চলত গছ কাটি গাড়ীত ভৰ্তি কৰি থকা সময়তে উপস্থিত হয় বন বিভাগৰ দলটো ৷
বামূনীগাঁও বনাঞ্চলিক বিষয়া কুশল দাস আৰু বিপ্লব মেধিৰ নেতৃত্বত চলা এই অভিযান কালত চোৰাং কাঠ সৰবৰাহকাৰীয়ে বন বিভাগৰ লোকক দেখা পাই চোচা মাৰি খেদি আহে পিছত বন বিভাগৰ লোকে শূন্যলৈ গুলি চলোৱাত চোৰাং কাঠ সৰবৰাহকাৰী কেইটা পলাই পতং দিয়ে ৷ বন বিভাগৰ এই অভিযানত বহু পৰিমানৰ মূল্যবান গছৰ কুণ্ডা, এখন ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে উক্ত চোৰাং কাঠ সৰবৰাহকাৰী কেইটাৰ সন্দৰ্ভত বন বিভাগে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী