ধেমাজি, 31 আগষ্ট : লকডাউনৰ মাজতে ধেমাজি আৱকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰা ৷ আৱকাৰী বিভাগক চকুত ধূলি মাৰি ৰাজ্যত চলি অহা অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৱকাৰী বিভাগ ৷ বিশেষকৈ ধেমাজি লৈ সৰবৰাহ হৈ থকা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে বিভাগে ৷
এনে অৱস্থাতে সোমবাৰে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলায় আৱকাৰী বিভাগে ৷ ধেমাজি আৱকাৰী বিভাগে ডাম্বোক আৰক্ষী চকীৰ সহযোগত বগীবিল দলঙত তালাচী চলায় ৷ তালাচীৰ সময়তে বহিঃৰাজ্যত পঞ্জীকৃত এখন বাহনৰ পৰা 11টা কাৰ্টনত অনা অবৈধ অৰুণাচলী সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷
ধেমাজিৰ আৱকাৰী অধীক্ষক শুক্লচন্দ্ৰ গোস্বামীৰ নেতৃত্বত চলা এই অভিযানত HP 34 D 5179 নম্বৰৰ গাড়ীখনৰ পৰা সুৰাখিনি জব্দ কৰে ৷ ধৃত লোকজনে প্ৰকাশ কৰা অনুসৰি, ডিব্ৰুগড়লৈ অনা হৈছিল এইখিনি অবৈধ সুৰা ৷
লগতে পঢ়ক : পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ