ETV Bharat / jagte-raho

24 বছৰে পলাতক ডাউদ ইব্ৰাহিমৰ সহযোগীক গ্ৰেপ্তাৰ - গুজৰাট আৰক্ষী এটিএছ

বিগত 24 বৰ্ষ ধৰি আৰক্ষীৰ চকুত ধুলি মাৰি পলাই ফুৰা ডাউদ ইব্ৰাহিমৰ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুজৰাট আৰক্ষী এটিএছে ৷

24 বছৰে পলাতক ডাউদ ইব্ৰাহিমৰ সহযোগীক গ্ৰেপ্তাৰ

author img

By

Published : Dec 27, 2020, 5:57 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ : গুজৰাট আৰক্ষীৰ বিশেষ সফলতা ৷ ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীৰ এটিএছে জামচেদপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডাউদ ইব্ৰাহিমৰ দুৰ্ধৰ্ষ সহযোগী আব্দুল মজিদ কুট্টীক ৷ বিগত 24 বছৰে আৰক্ষীৰ চকুত ধুলি মাৰি পলাই আছিল কুট্টী ৷

শেহতীয়াকৈ গুজৰাট আৰক্ষীৰ এটিএছে কুট্টীৰ সন্দৰ্ভত চোৰাংচোৱাৰ পৰা লাভ কৰিছিল বিশেষ তথ্য ৷ সেই অনুসৰি, আগন্তুক গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল কুট্টীয়ে ৷ যাৰ পিচতেই অধিক সক্ৰিয় হৈ পৰিছিল গুজৰাট এটিএছ বাহিনী ৷

অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গুজৰাট এটিএছ বাহিনীয়ে জামচেদপুৰত কুট্টীৰ সম্ভেদ লাভ কৰে ৷ দেওবাৰে গুজৰাট এটিএছৰ এটি বিশেষ প্ৰশিক্ষিত গোটে জামচেদপুৰত উপস্থিত হৈ কুট্টীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডাউদ ইব্ৰাহিম, অনীশ, ছোটা শ্বাকিল, আবু চালেম, টাইগাৰ মেমন, মহম্মদ ডোচা আদি অপৰাধীৰ সৈতে নিকট সম্পৰ্ক ৰক্ষা কৰি চলিছিল আব্দুল মজিদ কুট্টীয়ে ৷ 1996ত মেহচানাত বিস্ফোৰকসহ গ্ৰেপ্তাৰ হোৱাৰ পিচতেই পলায়ন কৰিবলৈ সক্ষম হৈছিল কুট্টীয়ে ৷ পৰৱৰ্তী সময়ত বেংকক আৰু মালেছিয়াত বাহৰ পাতি কূটাঘাতমুলক কাৰ্যকলাপ সংঘটিত কৰিছিল কুট্টীয়ে ৷ 2019ত জামচেদপুৰত আহি থিতাপি লৈ নাম সলাই কমাল খান হিচাপে বাস কৰি আছিল কুট্টীয়ে ৷

লগতে পঢ়ক : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.