ETV Bharat / jagte-raho

কলগাছিয়াত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগত সাংবাদিকক আটক - বৰপেটা জিলা

বৰপেটাত আৰক্ষীয়ে আটক কৰে সাংবাদিকক ৷ এটা চেনেলত ভুৱা বাতৰি পৰিবেশন কৰাৰ অভিযোগত আটক সাংবাদিক গৰাকীক ৷

fake-news-published-in-kalgaciya
কলগাছিয়াত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগত সাংবাদিকক আটক আৰক্ষীৰ
author img

By

Published : Jan 12, 2021, 10:12 PM IST

জনীয়া, 12 জানুৱাৰী : সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বৰপেটা জিলাৰ প্ৰশাসনিক সম্পাদক খণ্ডকাৰ আশ্ৰফুল মামুনৰ এক গোচৰৰ ভিত্তিত মঙলবাৰে কলগাছিয়া আৰক্ষীয়ে ৰকিবুল ইছলাম নামৰ এজন সাংবাদিকক কৰায়ত্ব কৰে ।

অভিযোগ অনুসৰি, সাংবাদিক জনে এটা স্থানীয় চেনেলত লক্ ডাউন আৰু বানপানীৰ সময়ত দিন-ৰাতি একাকাৰ কৰি ৰাইজৰ কাষত থিয় দি অহা সমাজকৰ্মী খণ্ডকাৰ আশ্ৰফুল মামুনক সমাজত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে মামুনৰ বিৰুদ্ধে এটি বাতৰি পৰিবেশন কৰিছিল ।

খণ্ডকাৰ আশ্ৰফুল মামুনৰ মন্তব্য

পৰৱৰ্তী সময়ত লোকজনে সাংবাদিকজনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত সাংবাদিক ৰকিবুল ইছলাম চৌধুৰীক কলগাছিয়া আৰক্ষীয়ে কৰায়ত্ব কৰে । উল্লেখ্য যে, আজমল ফাউণ্ডেচনৰ পৰা এগৰাকী মহিলাক দিবলৈ দিয়া 10 হাজাৰ টকা খণ্ডকাৰ আশ্ৰফুল মামুনে আত্মসাৎ কৰাৰ মিছা বাতৰি পৰিবেশন কৰাৰ বাবে আৰক্ষীয়ে কৰায়ত্ব কৰে সাংবাদিকজনক ।

লগতে পঢ়ক : কৃষি আইন প্ৰযোজ্য কৰাত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.