নগাঁও,1 ছেপ্তেম্বৰঃ নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ সমান্তৰালভাৱে আৰক্ষীয়েও ইযাৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগছৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ ইফালে ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শইকীয়া মাৰ্কেটৰ কুমাৰ ফাৰ্মা আৰু মধু ফাৰ্মা নামৰ দুখনকৈ পাইকাৰী ঔষধ ব্যৱসায়ী প্ৰতিষ্ঠান খনত অভিযান চলাই ৷ আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে আটক কৰে নিচাজাতীয় ঔষধ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ লোকক। ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক- চিৰাঙত বাঁহ কঢ়িওৱা গাড়ীৰ পৰা জব্দ বিলাতী সুৰাৰ কাৰ্টন