ETV Bharat / jagte-raho

মানকাচৰ আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ ব্যৱসায়ী - ড্ৰাগছ ব্যৱসায়ী

দুই ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপৰি বাংলাদেশলৈ সৰবৰাহ কৰিছিল চোৰাং ড্ৰাগছ ৷ মানকাচৰ আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় ঔষধ সহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷

ETV BHARAT
author img

By

Published : Jun 15, 2019, 7:33 PM IST

ধুবুৰী,15 জুন : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ ড্ৰাগছ ব্যৱসায়ী চলাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মানকাচৰ আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় ঔষধ সহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷

মানকাচৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী

জানিব পৰা মতে, মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত শুকুৰবাৰে সন্ধিয়া মানকাচৰৰ চক বজাৰৰ সমীপত তালাচী অভিযান চলায় । আৰক্ষীয়ে এই অভিযানৰ জৰিয়তে সুখচৰ গাঁৱৰ বদিয়ত জামান আৰু ঝাউডাঙা গাৱঁৰ মফিদুল ইছলাম নামৰ দুই ড্ৰাগছ ব্যৱসায়িক আটক কৰে। দুয়োৰে পৰা আৰক্ষীয়ে 96 টা spoxmo proxivan plus আৰু ১৩৬ টা simplex c plus কেপচুল জব্দ কৰে। এই ব্যৱসায়ী দুজনে দীৰ্ঘ দিনৰ পৰা মানকাচৰ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপৰিও বাংলাদেশতো ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনক মানকাচৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Intro:মানকাচৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপৰি বাংলাদেশলৈ চোৰাং ড্ৰাগছৰ চোৰাং বেহা।Body:

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ ড্ৰাগছ ব্যৱসায়ী চলাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মানকাচৰ আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় ঔষধ সহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত কালি সন্ধিয়া মানকাচৰৰ চক বজাৰৰ ওচৰৰ ৰাস্তাত নাগাচাকি চেক বহুৱাই তালাচী অভিযান চলায় । আৰক্ষীয়ে এই অভিযানৰ জৰিয়তে সুখচৰ গাৱঁৰ বদিয়ত জামান আৰু ঝাউডাঙা গাৱঁৰ মফিদুল ইছলাম নামৰ দুই ড্ৰাগছ ব্যৱসায়িক আটক কৰে। দুয়োৰে পৰা আৰক্ষীয়ে ৯৬ টা spoxmo proxivan plus আৰু ১৩৬ টা simplex c plus কেপচুল জব্দ কৰে। এই ব্যৱসায়ী দুজনে দীৰ্ঘ দিনৰ পৰা মানকাচৰ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপৰিও বাংলাদেশতো ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনক মানকাচৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷Conclusion: এতিয়া আৰক্ষীয়ে পৰৱৰ্তী সময়ত অভিযান কিদৰে চলায় সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.