ধুবুৰী, 26 অক্টোবৰঃ ধুবুৰীৰ কাতলামাৰী অঞ্চলত গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় ।
ধুবুৰীৰ চৰাঞ্চলৰ একাংশ অসাধু লোকে গোপনে বহু বিঘা ভূমিত কৰিছিল অবৈধ গাঞ্জা খেতি । এক গোপন সূত্ৰৰ জড়িয়তে লাভ কৰা খবৰৰ ভিত্তিত ধুবুৰীৰ কাতলামাৰী আৰু মাজেৰ চৰৰ বিভিন্ন অঞ্চলত অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে ।
উক্ত অভিযানত ধুবুৰীৰ ফকিগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কাতলামাৰী ৪ৰ্থ খণ্ড, ৰিভাৰ ব্লক ৯ম খণ্ড আৰু ভেলেংগামাৰী ত বহু বিঘা অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় । গাঁওৰক্ষী বাহিনী আৰু সচেতন ৰাইজৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে ।
লগতে পঢ়ক- নলবাৰীত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য