ৰঙিয়া, 3 ছেপ্তেম্বৰ: বহিঃ ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ কৰ্মসংস্থাপনৰ বাবে প্ৰায় পাঁচ বছৰৰ পৰা তামিলনাডুৰ টুটুগুৰিত কৰ্মৰত হৈ আছিল ৰঙিয়া তামোলপুৰৰ ২নং চিকনিবাৰীৰ নাজীম আলী নামৰ এজন 21 বছৰীয়া যুৱক ৷ পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি সোমবাৰে নিশা নাজীমৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ফোন কৰি নাজীমৰ মৃত্যুৰ খবৰ দিয়ে ৷ তামিলনাডুত থকা তেওঁৰ ভাতৃয়ে পৰিয়ালৰ লোকলৈ পঠিওৱা ফটো সমূহত নাজীমৰ শৰীৰত আঘাতৰ চিন স্পষ্ট দেখি তেওঁক কোনো লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ৷ ঘটনাৰ উচিত তদন্ত দাবী জনাইছে স্থানীয় ৰাইজে ৷
বহি:ৰাজ্যত পুনৰ মৃত্যুক সাৱটিলে অসমৰ যুৱকে
বিগত পাঁচ বছৰৰ পৰা তামিলনাডুৰ টুটুগুৰিত কৰ্মৰত হৈ আছিল যুৱকজন ৷