ETV Bharat / jagte-raho

উত্তৰ প্ৰদেশত পুনৰ গ্ৰেপ্তাৰ গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী - কানপুৰ গ্ৰাম্য জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হৈছে গেংষ্টাৰ বিকাশ ডুবেৰ আন এক সহযোগী ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে কানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে গেংষ্টাৰ বিকাশ ডুবেৰ ঘনিষ্ঠ সহযোগী ৰাজেন্দ্ৰ কুমাৰক ৷

উত্তৰ প্ৰদেশত পুনৰ গ্ৰেপ্তাৰ গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী

author img

By

Published : Aug 16, 2020, 8:39 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে গেংষ্টাৰ বিকাশ ডুবেৰ এগৰাকী ঘনিষ্ঠ সহযোগীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ কানপুৰ গ্ৰাম্য জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ব্ৰজেশ শ্ৰীবাস্তৱে দেওবাৰে এই কথা প্ৰকাশ কৰিছে ৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত অভিযুক্তগৰাকী ৰাজেন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে ৷ গেংষ্টাৰ আইনৰ অধীনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজেন্দ্ৰ কুমাৰক ৷ ইতিমধ্যে 3 জুলাইত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত ৰাজেন্দ্ৰই ব্যৱহাৰ কৰা দুনলীয়া বন্দুকটো আৰক্ষীয়ে জব্দ কৰিছে ৷

লগতে পঢ়কঃ কানপুৰত তালাচী অভিযানত যোৱা 8 আৰক্ষী জোৱানক গুলীয়াই হত্যা

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কানপুৰ দেহাটৰ এগৰাকী আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাতে ৰাজেন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী বিষয়া শ্ৰীবাস্তৱে প্ৰকাশ কৰা অনুসৰি, ৰাজেন্দ্ৰ কুমাৰৰ নামত আৰক্ষীয়ে 50,000টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷ তেওঁক কানপুৰ দেহাটৰ চৌবেপুৰ আৰক্ষী চকীৰ অধীনস্থ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে চৌবেপুৰ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত ৰাজেন্দ্ৰ কুমাৰে 3 জুলাইৰ নিশা সংঘটিত ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷

লগতে পঢ়কঃ কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, 3 জুলাইৰ নিশা কুমাৰে আৰক্ষীৰ মৃতদেহবোৰ সংগ্ৰহ কৰি তাক জ্বলাই দিয়াৰ চেষ্টা কৰিছিল ৷ বৰ্তমানলৈকে এই ঘটনাত আৰক্ষীয়ে 8গৰাকী অভিযুক্তক আটক কৰাৰ বিপৰীতে বিকাশ ডুবেক ধৰি 6গৰাকীক গুলিয়াই নিধন কৰিছে ৷

লগতে পঢ়কঃ আৰক্ষীৰ গুলীত মৃত্যু গেংষ্টাৰ বিকাশ ডুবেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.