গুৱাহাটী, 8 ডিচেম্বৰঃ মহানগৰীৰ পাথৰকুৱৰী মেগজিন এলেকাত এজন যুৱকক দুস্কৃতিকাৰীয়ে হানি-খুচি নৃশংসভাবে হত্যা কৰে। নিহত যুৱকজন ছয়মাইল ৰাধা নগৰৰ মুন্না আলী বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে নিশা কামৰ সন্ধানত ঘৰৰ পৰা ওলাই আহিছিল মুন্না আলী ৷ কিন্তু বহু নিশালৈ ঘৰলৈ ওভতি নোযোৱাত মুন্নাক বিচাৰি হাহাকাৰ কৰে পৰিয়ালৰ লোকে ৷ অৱশেষত মঙলবাৰে পুৱাৰ ভাগত পাথৰকুৱাৰীৰ মেগজিনৰ শিল সাঁকো বিলৰ পাৰত এটা নিৰ্মীয়মান ঘৰৰ চৌহদত তেজেৰে লুতুৰি-পুতুৰি অৰ্ধ উলংগ অৱস্থাত মুন্নাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
ইয়াৰ পিছতেই স্থানীয় লোকসকলে আৰক্ষী তথা মুন্নাৰ পৰিয়ালক খবৰ দিয়ে। ঘটনাস্থলীত পৰিয়ালৰ লোকসকল উপস্থিত হৈ মৃত দেহটো মুন্না আলীৰ বুলি চিনাক্ত কৰে। আনহাতে, মৃতদেহটোৰ কাষত মোবাইল ফোন, ৰড, জোতা আদি পৰি থকা দেখা পোৱাত কোনো দুস্কৃতিকাৰীয়ে মুন্না আলীক হত্যা কৰা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে উক্ত হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে।
লগতে পঢ়ক- বাক্সাৰ আঠিয়াবাৰীত বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ