নিউজ ডেস্ক, 21 মে': হিমাচল প্ৰদেশৰ কুল্লুত 5 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ'ল এজন 56 বছৰীয়া লোক । শিশুগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলাইছিল লোকজনে ।
ঘটনাৰ কথা উমান পাই আৰক্ষীৰ কাষ চাপে শিশুগৰাকীৰ মাতৃ । তাৰ পাচতেই প্ৰতিবেশী লোকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই কুল্লু আৰক্ষী থানাৰ পৰা আৰক্ষী উপস্থিত হৈ লোকজনক ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ।