ETV Bharat / international

Israel Hamas war: খাদ্যৰ বাবে গাজাৰ সাহাৰ্য গুদামত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ; অসামৰিক শৃংখলা ভংগ হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 4:46 PM IST

গাজাত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে দেওবাৰে কয় যে খাদ্যৰ বাবে শেহতীয়াকৈ হোৱা ব্ৰেক-ইনে ইজৰাইল-হামাছৰ তিনি সপ্তাহৰ যুদ্ধৰ পিছত নাগৰিক শৃংখলা ভাঙিবলৈ আৰম্ভ কৰাতো এক চিন্তনীয় লক্ষণ ৷ ইজৰাইলে সৃষ্টি কৰা যোগাযোগৰ ব্লেকআউট অব্যাহত থকাৰ সময়তে শনিবাৰে গাজা ষ্ট্ৰিপত কোনো আন্তঃৰাষ্ট্ৰীয় সাহাৰ্য প্ৰৱেশ কৰা নাছিল।

Israel Hamas war
গাজাৰ সাহাৰ্য গুদামত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ

ইন্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থাই জনোৱা মতে, হাজাৰ হাজাৰ লোকে তেওঁলোকৰ গাজাৰ সাহাৰ্য গুদাম ভাঙি খাদ্য আৰু অন্যান্য জীয়াই থকাৰ মৌলিক সামগ্ৰী লৈ যায় ৷ গাজাত সংস্থাটোৰ সঞ্চালক থমাছ হোৱাইটে দেওবাৰে কয় যে ইজৰাইল আৰু গাজাৰ হামাছৰ মাজত তিনি সপ্তাহ ধৰি চলি থকা যুদ্ধৰ অন্তত নাগৰিক শৃংখলা ভাঙিবলৈ আৰম্ভ কৰাৰ এক চিন্তনীয় লক্ষণ ৷

ইউএনআৰডব্লিউএ নামেৰে পৰিচিত এই সংস্থাটোৱে গাজাৰ লাখ লাখ লোকক মৌলিক সেৱা আগবঢ়ায় ৷ সমগ্ৰ ভূখণ্ডৰ বিদ্যালয়সমূহ আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে য’ত সংঘাতৰ ফলত স্থানচ্যুত হোৱা পেলেষ্টাইনীসকলক আশ্ৰয় দিয়া হৈছে ৷

ইজৰাইলে সৃষ্টি কৰা যোগাযোগৰ ব্লেকআউট অব্যাহত থকাৰ সময়তে শনিবাৰে গাজা ষ্ট্ৰিপত কোনো আন্তঃৰাষ্ট্ৰীয় সাহাৰ্য প্ৰৱেশ কৰা নাছিল ৷ পেলেষ্টাইনী ৰেড ক্ৰীচেণ্টৰ মুখপাত্ৰ নেবাল ফাৰছাখে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, শনিবাৰে কোনো সাহাৰ্য ট্ৰাক গাজাত প্ৰৱেশ কৰা নাছিল ৷ কাৰণ যোগাযোগ অসম্ভৱ আৰু গাজাৰ ভিতৰৰ দলসমূহে ইজিপ্তৰ ৰেড ক্ৰীচেণ্ট বা ৰাষ্ট্ৰসংঘৰ কৰ্মীৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে ৷

শনিবাৰৰ পূৰ্বে মুঠ 84 খন সাহাৰ্য ট্ৰাক গাজাত প্ৰৱেশ কৰিছিল, যিটো বিদ্যুৎ, খাদ্য, চিকিৎসা সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা থকা 23 লাখ লোকৰ বাবে এক ক্ষুদ্ৰ পৰিমাণ আছিল ৷

ইফালে পৰিষদৰ আৰব প্ৰতিনিধি সংযুক্ত আৰব আমিৰশ্বাহীৰ অনুৰোধত সোমবাৰে বিয়লি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গাজাত ইজৰাইলৰ স্থল আক্ৰমণৰ সন্দৰ্ভত এখন জৰুৰী বৈঠকৰ দিন ধাৰ্য কৰে ৷

গাজাৰ বহু লোকৰ বাবে ইণ্টাৰনেট আৰু টেলিফোন সংযোগ পুনৰুদ্ধাৰ কৰা হৈছে বুলি টেলিকম কোম্পানী পালটেল, ইণ্টাৰনেট-প্ৰৱেশৰ পোষকতাকাৰী গোট নেটব্লকছ ডট অৰ্গ আৰু স্থলভাগত নিশ্চিত কৰা হৈছে ৷ শুকুৰবাৰে সন্ধিয়াৰ পৰা ঘেৰাও কৰা গাজা ষ্ট্ৰিপত যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত ইজৰাইলৰ প্ৰচণ্ড আকাশ আৰু স্থল বোমাবৰ্ষণৰ মাজতে ইয়াৰ 23 লাখ বাসিন্দা বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল ৷

ইউ এছ এছ ড্ৱাইট ডি আইছেনহাৱাৰ বিমানবাহী জাহাজ আৰু ইয়াৰ ষ্ট্ৰাইক গ্ৰুপে জিব্ৰাল্টাৰ জলদ্বীপৰ মাজেৰে গতি কৰি দুখন আমেৰিকান বিমানবাহী জাহাজ ভূমধ্য সাগৰত ৰাখিছে, যিটো শেহতীয়া বছৰবোৰত বিৰল দৃশ্য ৷ ইউ এছ এছ গেৰাল্ড আৰ ফৰ্ড কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ ইতিমধ্যে পূব ভূমধ্যসাগৰত আছে, যিয়ে হামাছৰ বিৰুদ্ধে ইজৰাইলক সমৰ্থন জনাইছে ৷

ইৰাণ আৰু ইয়াৰ প্ৰক্সি উগ্ৰপন্থী গোটসমূহক যুদ্ধ ব্যাপক কৰাৰ চেষ্টাত বাধা দিবলৈ আমেৰিকান বাহিনীয়ে মধ্যপ্ৰাচ্যত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ সময়তে শনিবাৰে ভূমধ্যসাগৰলৈ যাত্ৰা কৰে আইছেনহাৱাৰ জাহাজখনে ৷ লগতে ছুৱেজ খালৰ মাজেৰে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড অঞ্চললৈ যোৱাৰ কথা জাহাজখনৰ ৷

লগতে পঢ়ক : Middle East conflict : ৰাষ্ট্ৰসংঘৰ আহ্বানকো আওকাণ কৰি নেতান্যাহুৰ নিৰ্দেশত গাজা ষ্ট্ৰিপত অব্যাহত ইজৰাইলৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.